• গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৪ বছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে কৰিব পাৰিব PhD, দিব পাৰিব NET

    ৰাষ্ট্ৰীয়
    গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৪ বছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে কৰিব পাৰিব PhD, দিব পাৰিব NET
    ডিজিটেল ডেস্ক: এতিয়াৰে পৰা স্নাতক শিক্ষাৰ্থীয়ে পোনপটীয়াকৈ অৱতীৰ্ণ হ’ব পাৰিব নেট পৰীক্ষাত আৰু কৰিব পাৰিব পিএইচডিও৷ ইউজিচিৰ অধ্যক্ষ জগদেশ কুমাৰে সদৰী কৰিছে এই তথ্য৷

    অধ্যক্ষগৰাকীয়ে কয়, শিক্ষাৰ্থীসকলে পিএইচডি কৰিবলৈ তেওঁলোকক স্নাতক পাঠ্যক্ৰমত ন্যূনতম ৭৫% নম্বৰ বা সমতুল নম্বৰৰ প্ৰয়োজন হ’ব।
    বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰৰ মতে, চাৰি বছৰীয়া স্নাতক ডিগ্ৰী গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে এতিয়া পোনপটীয়াকৈ নেটত অৱতীৰ্ণ হ’ব পাৰে আৰু পিএইচডি কৰিব পাৰে। 

    জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপৰ সৈতে বা অবিহনে পি.এইচ.ডি. কৰিবলৈ প্ৰাৰ্থীসকলক তেওঁলোকৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত নিম্নতম ৭৫ শতাংশ নম্বৰ বা সমতুল্য গ্ৰেডৰ প্ৰয়োজন হ'ব।
     
    উল্লেখযোগ্য যে এতিয়ালৈকে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ প্ৰাৰ্থী এজনক নিম্নতম ৫৫ শতাংশ নম্বৰৰ সৈতে স্নাতকোত্তৰ ডিগ্ৰী প্ৰয়োজন।