• পত্নীৰ প্ৰেমিকৰ ভাবুকিত ভয় খাই স্বামীৰ বিহপান কৰি আত্মহত্যা

    ৰাষ্ট্ৰীয়
    পত্নীৰ প্ৰেমিকৰ ভাবুকিত ভয় খাই স্বামীৰ বিহপান কৰি আত্মহত্যা
    ডিজিটেল ডেস্কঃ পত্নীৰ প্ৰেমিকৰ ভাবুকিত ভয় খাই এগৰাকী স্বামীৰ বিহপান কৰি আত্মহত্যা। উত্তৰপ্ৰদেশৰ আমৰোহাত ঘটিছে এই ঘটনা। পত্নীৰ প্ৰেমিকে ভাবুকি দিয়াত তেওঁ ভয় খাই আত্মহত্যা কৰে।

    আৰক্ষীয়ে সংকটজনক অৱস্থাত স্বামীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত ভুক্তভোগীক উচ্চ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ছুইচাইড নোটৰ বাহিৰেও ভুক্তভোগীৰ স্বামীয়ে এটা ভিডিঅ’ বিবৃতি জাৰি কৰি জিলা প্ৰশাসনৰ সহায় বিচাৰি আৰু ঘটনাটো প্ৰকাশ কৰিছে। বৰ্তমান সময়ত এই বিষয়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

    এই চাঞ্চল্যকৰ গোচৰটো আমৰোহ নগৰ কোতৱালীৰ পৰা পোহৰলৈ আহিছে য’ত ইকবাল নামৰ এজন যুৱকে বিষ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়। ছুইচাইড নোটত ইকবালে লিখি থৈ যায় যে ডেনিচ নামৰ এজন যুৱকে ইকবালক তেওঁৰ পত্নীক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু তেনে নকৰিলে হত্যা কৰাৰ ভাবুকি দিছিল।

    এই সমস্যাত ভাঙি পৰা ইকবালে ছুইচাইড নোট লিখি বিষ সেৱন কৰে। যেতিয়া তেওঁৰ অৱস্থা অধিক বেয়া হ’ল, তেতিয়া তেওঁক লগে লগে জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, তাতে তেওঁৰ মৃত্যু হয়। বৰ্তমান আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ছুইচাইড নোটৰ আধাৰত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে।