ডিজিটেল ডেস্ক: ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত 'ইণ্টাৰমিডিয়েট' শিক্ষকসকলৰ বাবে সু-খবৰ। শেহতীয়াকৈ শিক্ষা বিভাগে এই শিক্ষকসকলৰ গ্রেড পে' কৰ্তন কৰিছিল যদিও উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত শুকুৰবাৰে শিক্ষা বিভাগে এই নির্দেশ স্থগিত ৰাখিছে বুলি ন্যায়ালয়ক জানিবলৈ দিছে।
উল্লেখযোগ্য যে পূর্বতে বিদ্যালয়সমূহত ৰাজ্য চৰকাৰে ইণ্টাৰমিডিয়েট আৰু স্নাতক শিক্ষক নিযুক্তি দিছিল। কিন্তু বিদ্যালয়সমূহত কৰ্মৰত বহু শিক্ষকে ইণ্টাৰমিডিয়েট শিক্ষকৰ পদত নিযুক্তি পোৱাৰ পাছত স্নাতক ডিগ্রী লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এইসকল শিক্ষকক স্নাতকৰ সমপৰ্যায়ৰ অৰ্থাৎ ৮৭০০ টকাকৈ গ্রেড পে' প্রদান কৰি আহিছিল।
পিছে দুজনমান শিক্ষকে ৮৭০০ টকাকৈ গ্রেড পে' নোপোৱাত তেওঁলোকে উচ্চ ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰিছিল যদিও ন্যায়ালয়ে এই আৱেদন খাৰিজ কৰে। এতিয়া এই খাৰিজ কৰা আবেদনখনৰ গইনা লৈয়ে ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ ৮৭০০ টকা পে' গ্রেড কৰ্তন কৰি তেওঁলোকৰ মূল পে' গ্রেড ৬২০০ টকাকৈ দিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে এক নির্দেশ জাৰি কৰে আৰু এই নির্দেশৰ ভিত্তিতে ৰাজ্যৰ বহু জিলাত মার্চ আৰু এপ্রিল মাহত বিদ্যালয়সমূহৰ পৰিদৰ্শকে ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ দৰমহা কর্তন কৰে। চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্র প্রতিবাদৰ সৃষ্টি হয় আৰু শিক্ষকসকলে ন্যায়ালয়ত কেইবাখনো লেখ আৱেদন দাখিল কৰে।
ন্যায়ালয়ে গোচৰসমূহৰ শুনানি ল'বলৈ আৰম্ভ কৰি শিক্ষা বিভাগ আৰু বিত্ত বিভাগৰ স্থিতি জানিবলৈ বিচাৰে। আজি শিক্ষা বিভাগে ন্যায়ালয়ক জানিবলৈ দিয়ে যে বিভাগটোরে শিক্ষকসকলৰ দৰমহা কৰ্তনৰ যি নিৰ্দেশনা জাৰি কৰিছিল সেয়া স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে আৰু শিক্ষকসকলক কর্তন কৰা ধনৰাশি বকেয়া হিচাপে আদায় দিয়া হ'ব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment