ডিজিটেল ডেস্কঃ এটা ট্ৰলী বেগত আপুনি কি ৰাখে, হয়তো কাপোৰ নতুবা অন্যান্য বস্তু, কিন্তু শেহতীয়াকৈ এনে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত ছুটকেছত উদ্ধাৰ হ’ল এটা মৃতদেহ৷
কলকাতাৰ কুমাৰতুলি ঘাটৰ সমীপত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা , য’ত স্থানীয় ৰাইজে ট্ৰলী বেগত এগৰাকী মহিলাৰ মৃতদেহ কঢ়িয়াই নিয়া দুগৰাকী মহিলাক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত মহিলা কেইগৰাকীৰ নাম ফালগুনি ঘোষ আৰু তেওঁৰ মাতৃ আৰতি ঘোষ।
স্থানীয় ৰাইজে এই মহিলাসকলৰ কাৰ্যকলাপৰ প্ৰতি সন্দেহ প্ৰকাশ কৰাৰ পিছতে তেওঁলোকক ৰখাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ তথ্য অনুসৰি ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ নাম সুমিতা ঘোষ।
প্ৰাথমিক তদন্তৰ ভিত্তিত ফালগুনি ঘোষে মৃত মহিলাগৰাকী তেওঁৰ শাহুৱেক বুলি জানিবলৈ দিয়ে। অৱশ্যে আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
এই ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি হৈছে। মহিলাগৰাকীৰ মৃত্যু কেনেদৰে আৰু কিয় মৃতদেহটো নিষ্কাশনৰ চেষ্টা কৰা হৈছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে বিভিন্ন কোণৰ পৰা গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান দুয়োগৰাকী মহিলাৰ জেৰা চলি আছে।
Leave A Comment