ডিজিটেল ডেস্কঃ কেন্দ্রীয় মন্ত্রী প্রতাপৰাও যাদৱে মঙলবাৰে কয় যে কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈ মহিলাসকলৰ বাবে পৰৱর্তী পাঁচ-ছমাহৰ ভিতৰত এটা প্রতিষেধক উপলব্ধ হ’ব। ৯ বছৰৰ পৰা ১৬ বছৰ সময়ৰ ভিতৰৰ মহিলাসকলে এই প্রতিষেধক লোৱাৰ বাবে উপযুক্ত হ'ব।
মঙলবাৰে এখন সংবাদমেলত এই তথ্য সদৰী কৰি স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু আয়ুষ (স্বতন্ত্র) দপ্তৰৰ কেন্দ্রীয় ৰাজ্য মন্ত্রী প্রতাপৰাও যাদৱে কয় যে প্রতিষেধকটোৰ গৱেষণা কার্য প্রায় সম্পূর্ণ হৈছে আৰু বর্তমান ইয়াৰ পৰীক্ষণ প্রক্রিয়া চলি আছে।
মন্ত্রীজনে কয় যে দেশত কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু এই সমস্যা সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ লৈছে।
কেঞ্চাৰৰ আগতীয়া চিনাক্তকৰণৰ বাবে ৩০-ৰ ঊর্ধ্বৰ মহিলাসকলৰ বাবে হস্পিটেলসমূহত পৰীক্ষাৰ ব্যৱস্থাৰ লগতে ডে' কেয়াৰ কেঞ্চাৰ চেণ্টাৰসমূহো স্থাপন কৰা হ'ব বুলি মন্ত্রীজনে সদৰী কৰে।
তেওঁ আৰু কয় যে কেঞ্চাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধসমূহত চৰকাৰে সীমা শুল্ক ৰেহাই দিছে।
উৎস- দৈনিক জনমভূমি
Leave A Comment