International
An arrest warrant has been made against Hasina as well as against several of her former associates by the Dhaka-based International Crimes Tribunal in conne
গুৱাহাটী : সীমাবিবাদক গোচৰ ৰুজু কৰিবলৈ সাজু অসম৷ ১০-১৫ দিনৰ ভিতৰত ৰুজু কৰা হ'ব গোচৰ৷ প্ৰয়োজনীয় নথি যুগুত কৰি আছে অধিবক্তাই৷ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ হিমন্তই কয়, 'মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী৷ তদন্তত সহায় কৰিম৷ ইয়াৰ বাবে শিলচৰৰ পৰা পদব্ৰজে যাম৷ কিন্তু বিষয়াৰ সুৰক্ষা নিশ্চিত কৰাটো মোৰ দায়িত্ব৷'
আজি দিছপুৰত মুখ্যমন্ত্ৰী বাসগৃহত অনুষ্ঠিত হয় এখন সংবাদমেলৰ৷ সদস্য পদৰ পাছত কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি সুশান্ত বৰগোহাঁৰ বিজেপিলৈ গমন কৰে৷ তাৰ পাছতে এই সংবাদমেলত অসম-মিজোৰাম সমস্যাৰ সন্দৰ্ভত গুৰুত্বপুৰ্ণ মন্তব্য কৰে হিমন্তই৷
আনহাতে মিজোৰাম আৰক্ষীয়ে হিমন্তক গ্ৰেপ্তাৰ কৰিলেও আপত্তি নাই বুলিও মন্তব্য কৰে তেওঁ ৷ তেওঁ কয়, 'মিজোৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও আপত্তি নাই৷ ইয়াৰ বাবে মই অগ্ৰিম জামিন ন'লও উচ্চ ন্যায়ালয়ত৷' মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ কথাই নাহে বুলিও গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়ায় তেওঁ৷
গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আলোচনা অব্যাহত আছে৷ গৃহমন্ত্ৰীৰ উপস্থিতিত ভাল নিৰ্ণয় হোৱাটো বিচাৰাৰ হোৱাটো কামনা হিমন্তৰ৷ অসম-মিজোৰামৰ সীমান্তৰ সমস্যা উন্নয়নৰ বাবে অসম সদায় আগত৷ অসমে মিজোৰামৰ মাটি দখল কৰা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ৷
Leave A Comment