Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
মুম্বাই: আইপিএলৰ পৰা বিদায় পঞ্জাব কিংছৰ অধিনায়ক কে এল ৰাহুলৰ| এপেণ্ডিচাইটিছৰ ধৰা পৰিছে তাৰকা খেলুৱৈগৰাকীৰ দেহত| তাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় খেলুৱৈগাৰকীক| শীঘ্ৰেই অস্ত্ৰোপচাৰ কৰাৰ হ'ব ৰাহুলৰ| সেইবাবে আইপিএলৰ পৰৱৰ্তী খেলসমূহত দেখা পোৱা নাযাব কে এল ৰাহুলক|
আৰু পঢ়িব পাৰিব : নন্দীগ্ৰামত পৰাজিত হোৱা সত্ত্বেও মমতা বেনাৰ্জী পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে, কেনেকৈ?
পঞ্জাব কিংছৰ তৰফৰ পৰা টুইটাৰযোগে সদৰী কৰিছে যে, 'নিশা প্ৰচণ্ড পেটৰ যন্ত্ৰণাত কষ্ট পাইছিল কে এল ৰাহুলে| ঔষধ গ্ৰহণৰ পাছতো স্বাস্থ্যৰ কোনো পৰিৱৰ্তন পৰিলক্ষিত নোহোৱাত আপদকালীনভাৱে স্কেন কৰা হয় আৰু এপেণ্ডিচাইটিছৰ ধৰা পৰে| অস্ত্ৰোপচাৰৰ পাছতেই সুস্থ হৈ পৰিব তেওঁ| নিৰাপত্তাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে খেলুৱৈগৰাকীক|'
আৰু পঢ়িব পাৰিব : ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী
চলিত আইপিএলত অৰেঞ্জ কেপৰ অধিকাৰী কে এল ৰাহুলৰ অনুপস্থিয়ে পঞ্জাব কিংছে কিদৰে অগ্ৰসৰ হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব|
Leave A Comment