• অসম চুক্তি ৰূপায়ণ: আলোচনা চলিয়েই আছে, নতুন অগ্ৰগতি বুলিবলৈ একো নাই

    ৰাজনৈতিক
    অসম চুক্তি ৰূপায়ণ: আলোচনা চলিয়েই আছে, নতুন অগ্ৰগতি বুলিবলৈ একো নাই
    ডিজিটেল ডেস্ক: অসম চুক্তি ৰূপায়ণক লৈ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত উপ-সমিতিৰ তৃতীয়খন বৈঠক সম্পন্ন হয়৷ গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমীয়া থলুৱা ভাষা-সংস্কৃতি, সামাজিক আৰু ভাষিক পৰিচয় তথা ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।

    বৈঠকত মন্ত্ৰী পীযূষ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ,  উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত-সচিব জি ডি ত্ৰিপাঠী আৰু অন্যান্য বিষয়াসকল বৈঠকত উপস্থিত থাকে।

    বৈঠকৰ অন্তত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই আলোচনা যোগাত্মক দিশত আগবঢ়া বুলি উল্লেখ কৰে৷ অসম চুক্তিৰ ৬ নম্বৰ দফা সম্পৰ্কতো আলোচনা হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ মন্ত্ৰীগৰাকীয়ে বিষয়টো সম্পৰ্কত আলোচনাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে৷ একেদৰে, শীঘ্ৰে অসম চুক্তি ৰূপায়ণ সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰা হ’ব বুলি তেওঁ সদৰী কৰে৷



    বৈঠকত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, অসম চুক্তি ৰূপায়ণৰ পূৰ্বে আৰু আলোচনাৰ প্ৰয়োজন আছে। উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ওপৰতো আলোচনা হ’ব বুলি মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে সভাপতি নাথে কয়, ৰাজ্য চৰকাৰে সমাধান কৰিব পৰাখিনি ৰাজ্য চৰকাৰে সমাধান কৰিব৷
    আলোচনাত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্বল ভট্টাচাৰ্যই কয়, ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে সময়মতে দাখিল কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ওপৰত পুনৰ আলোচনা কৰা হ’ব৷ খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত কৰা হ’ব বুলি ভট্টাচাৰ্যই মন্তব্য কৰে৷ লগতে, প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব বুলি সমুজ্জ্বল ভট্টাচাৰ্যই দোহাৰে৷ একেসময়তে, তেওঁ ‘কা’ মানি নলয় বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয়, ৰাজপথত দিয়া শ্ল’গান আৰু আলোচনাত দিয়া যুক্তিৰে সমস্যা সমাধান হ’ব লাগিব । মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে গঠন কৰা হৈছে সমিতি৷
    আইনগত দিশ চালি-জাৰি চায়েই প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন৷

    NRCক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে৷ এনআৰচিৰ ‘পাইলট প্ৰজেক্ট’ৰ সময়ত উপায়ুক্ত কাৰ্যালয়ত কোনে জুই দিছিল বুলি প্ৰশ্ন সমুজ্জ্বল ভট্টাচাৰ্যৰ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নমনা বাবে এনআৰচি ত্ৰুটিপূৰ্ণ হৈছে বুলি তেওঁ উল্লেখ কৰে৷ বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ এনআৰচি লাগে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই কয়, চৰকাৰেও বিষয়টো উচ্চতম ন্যায়ালয়ক অৱগত কৰিম বুলি উল্লেখ কৰিছে৷

    বিগত বৰ্ষৰ মে’ত অসমত নতুন চৰকাৰ গঠন হোৱাৰ পাছতেই ২০ মে’ত সদৌ অসম ছাত্ৰ সন্থাৰ উজান বজাৰস্থিত কাৰ্যালয়ত উপস্থিত হৈছিল অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা৷ আছুৰ নেতৃত্বক সাক্ষাৎ কৰি নতুন চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে অসম চুক্তিৰ ৰূপায়ণ সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিছিল৷ তাৰ পাছত অসম চুক্তি ৰূপায়ণৰ বিষয়টোক লৈ ৭ ছেপ্তেম্বৰত দিছপুৰত অসম চৰকাৰৰে প্ৰথমখন আলোচনা সম্পন্ন হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ৷ অসম চৰকাৰে গঠন কৰিছিল সমিতি৷ সমিতিত আছিল ৩জন মন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পাঁচগৰাকী বিষয়ববীয়া৷ তিনিমাহৰ ভিতৰত সেই সমিতিয়ে প্ৰতিবেদন দাখিল কৰি বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সময় উকলিল৷ প্ৰথমলানি বৈঠকৰ পৰা সাত মাহ সম্পূৰ্ণ হ’বৰ হ’ল৷ আজিপৰ্যন্ত দাখিল নহ’ল প্ৰতিবেদন৷

    অসম চৰকাৰে বিগত দহ মাহত অসম চুক্তি ৰূপায়ণৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত নহ’ল৷ এতিয়া আকৌ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ওপৰতহে আলোচনাৰ পোষকতা কৰিছে৷ যিখন প্ৰতিবেদনৰ সমিতিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টা প্ৰত্যক্ষভাৱেই জড়িত আছিল৷ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন দাখিলৰ দিনা লক্ষ্যণীয়ভাৱে অনুপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ৷ লুৰীণজ্যোতি গগৈয়ে পৰৱৰ্তী সময়ত আছুৰ সাধাৰণ সম্পাদক পদ ত্যাগ কৰি সক্ৰিয় ৰাজনীতিলৈ ঢাপলি মেলিলে৷

    কিন্তু, আছুৰ সভাপতি আৰু মুখ্য উপদেষ্টা হৈয়েই থাকিল দীপাংক কুমাৰ নাথ আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ পৰৱৰ্তী সময়ত নতুন চৰকাৰৰে আলোচনাৰ পাং পাতিলে সদৌ অসম ছাত্ৰ সন্থাই৷ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হ’ল৷ অথচ, আজিলৈ ঐকমত্যত উপণীত পৰা নাই দুয়োপক্ষ৷ আনকি, চুক্তিৰ ৫নং দফা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই চৰকাৰ আৰু আছুৰ মাজত৷ যিখন চৰকাৰে অসম চুক্তি হত্যাকাৰীস্বৰূপ ‘কা’ বলবৎ কৰিবই বুলি স্পষ্টকৈ ঘোষণা কৰি আহিছে, সেই একেখন চৰকাৰৰ ওচৰত অসম চুক্তি ৰূপায়ণ বিচাৰি গৈছে সদৌ অসম ছাত্ৰ সন্থা৷ প্ৰতিখন চৰকাৰৰ দিনতেই ৰাজকোষৰ ধন আৰু সময় অপচয় কৰি অসমীয়া ৰাইজক সদৌ অসম ছাত্ৰ সন্থাই পণবন্দী কৰি অহাৰ অভিযোগ শেহতীয়াকৈ উত্থাপিত হৈছে৷ এতিয়া সময়ে ক’ব ‘কা’ বলবৎ কৰিব বিচৰা চৰকাৰখনে অসম চুক্তি ৰূপায়ণ কৰে নে নকৰে৷ নে, ভিক্ষাৰ জোলোঙা লৈ শ্বহীদৰ তেজলগা ইতিহাসেৰে সংপৃক্ত সদৌ অসম ছাত্ৰ সন্থাই এইদৰেই সময় অতিবাহিত কৰি থাকিব, সেয়া হ’ব লক্ষ্যণীয়৷

    New PCA Banner