• আজি মাজুলীত উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ; ভোটাৰে নিৰ্ণয় কৰিব ৩ প্ৰাৰ্থীৰ ভাগ্য

    ৰাজনৈতিক
    আজি মাজুলীত উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ; ভোটাৰে নিৰ্ণয় কৰিব ৩ প্ৰাৰ্থীৰ ভাগ্য
    ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ২০৩টা ভোটগ্ৰহণ কেন্দ্ৰত অ‍্যাহত আছে ভোটগ্ৰহণ। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।

    ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে৷আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত পুৱাই ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী ভুৱন গামে।

    পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰৰ যথেষ্ট সঁহাৰি দেখা গৈছে।জিলাখনৰ মুঠ ১,২৭,২৩৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য৷মূল যুঁজ বিৰোধী মহাজোঁটৰ চিত্ৰৰঞ্জন বসুমতাৰী আৰু বিজেপিৰ প্ৰাৰ্থী ভূৱন গামৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে।শাৰী পাতি ভোট দি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে মাজুলীবাসী ৰাইজে।

    আৰু পঢ়কঃ বোৱাৰীৰ ওপৰত শহুৰেকৰ লেতেৰা দৃষ্টি! বোৱাৰীয়ে বিৰোধ কৰাত গুলীয়াই হত্যা