• আসন কমিব কিন্তু উত্তৰ প্ৰদেশৰ ৰাজপাট অক্ষুণ্ণ থাকিব বিজেপিৰ!

    ৰাজনৈতিক
    আসন কমিব কিন্তু উত্তৰ প্ৰদেশৰ ৰাজপাট অক্ষুণ্ণ থাকিব বিজেপিৰ!
    ডিডিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আজি সমাপ্ত হ’ল। আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে এই দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আৰু এতিয়া সকলোৱে বাট চাইছে ফলাফললৈ। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে আজি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এগজিট প’ল। এইবাৰ একাধিক ৰাজ্যত ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভৱনা প্ৰকট হৈ পৰিছে যদিও দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত পুনৰ বিজেপিয়েই শাসনৰ গাদীৰ বহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিভিন্ন সংবাদ মাধ্যমে চলোৱা সমীক্ষাৰ তুলনা কৰি এনডি টিভি-এ প্ৰকাশ কৰা ‘প’ল অব এগজিট প’লছ’ত প্ৰকাশ পাইছে যে, পূ্ৰ্বৰ তুলনাত আসন হ্ৰাস পালেও উত্তৰ প্ৰদেশত শাসনৰ গাদী ধৰি ৰাখি বিজেপি চৰকাৰে।

    বিজেপিয়ে উত্তৰ প্ৰদেশ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা থকাৰ বিপৰীতে পঞ্জাবত আম আদমী পাৰ্টীয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, বিজেপিয়ে গোৱা আৰু উত্তৰাখণ্ডত সৰ্বাধিক আসন জিকাৰ সম্ভাৱনাৰ লগতে কংগ্ৰেছে এই দুখন ৰাজ্যত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভৱনা আছে।

    উত্তৰ প্ৰদেশৰ নিৰ্বাচনক লৈ প্ৰকাশ পোৱা চাৰিটা এগজিট প’লৰ তুলনা কৰি বিজেপি মিত্ৰজোঁটে  ৰাজ্যখনৰ ৪০৩খন আসনৰ ভিতৰত ২৩২খন আসন লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে। সমাজবাদী পাৰ্টিয়ে এই নিৰ্বাচনত ১৪০ৰ কাষে-পাঁজকে আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।  বিজেপিৰ বিৰু্দ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ থকা বুলি ভবাৰ পাছতো উত্তৰ প্ৰদেশ ধৰি ৰাখিবলৈ সক্ষম হোৱাটো দলটোৰ বাবে এক বৃহৎ সাফল্য বিবেচিত হ’ব। উল্লেখ্য যে, উত্তৰ প্ৰদেশত চৰকাৰ গঠনৰ বাবে ২০২খন আসনৰ প্ৰয়োজন আৰু বিজেপি মিত্ৰজোঁটে সেয়া অনায়াসে লাভ কৰাৰ সম্ভাৱা দেখা গৈছে।