comScore
  • উত্তৰাখণ্ডৰ নতুন চৰকাৰৰ শপতগ্ৰহণ: আইফোন হেৰাই লতিঘটি মন্ত্ৰী সৌৰভ বহুগুণাৰ

    ৰাজনৈতিক
    উত্তৰাখণ্ডৰ নতুন চৰকাৰৰ শপতগ্ৰহণ: আইফোন হেৰাই লতিঘটি মন্ত্ৰী সৌৰভ বহুগুণাৰ
    ডিজিটেল ডেস্ক: আজি ডেৰাডুনত শপতগ্ৰহণ কৰিলে উত্তৰাখণ্ডৰ নৱ-নিৰ্বাচিত চৰকাৰখনে৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে পুস্কৰ সিং ধামীয়ে৷ পিছে, আজি অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানতে সংঘটিত আন এটি ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে৷ খবৰ অনুসৰি, শপতগ্ৰহণৰ সময়ছোৱাত মন্ত্ৰী সৌৰভ বহুগুণাৰ হেৰাইছে এটি ‘আইফোন-১৩’ মোবাইল ফোন৷

    বুধবাৰে উত্তৰাখণ্ড চৰকাৰত শপত গ্ৰহণ কৰা মন্ত্ৰী সৌৰভ বহুগুণাৰ সৈতে এই ঘটনা সংঘটিত হৈছে। উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পেৰেড গ্ৰাউণ্ডত শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত তেওঁৰ মোবাইল ফোনটো হেৰাইছে৷ মন্ত্ৰীগৰাকীয়ে এই তথ্য সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে৷

    তেওঁ ছ’চিয়েল মিডিয়াযোগে লিখিছে এনেদৰে, আজি ডেৰাডুন পেৰেড গ্ৰাউণ্ডত শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত মোৰ মোবাইল ফোন (আইফোন-১৩) ক’ৰবাত পৰিছে। এনে পৰিস্থিতিত যদি আপোনালোকৰ কোনোবাই মোবাইলটো ঘূৰাই পায়, মোৰ ফেচবুক পেজত মোৰ সৈতে যোগাযোগ কৰক। যদি কোনোবাই মোৰ সম্পৰ্কিত নম্বৰৰ পৰা কল পায়, অনুগ্ৰহ কৰি সাৱধান হওক।’

    সৌৰভ বহুগুণা সীতাৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুণাৰ কনিষ্ঠ পুত্ৰ সৌৰভ বহুগুণাৰ ককাক হেমৱাতি নন্দন বহুগুণা প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল।

    আজি উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিঙে পুষ্কৰ সিং ধামীক মুখ্যমন্ত্ৰী আৰু আন আঠজন বিধায়কৰ বাবে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে৷ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ধন সিং ৰাৱট, গণেশ যোশী, ৰেখা আৰ্য, সুবোধ ইউনিয়াল, সৌৰভ বহুগুণা, প্ৰেম চান্দ আগৰৱালা, চন্দন ৰাম দাস আৰু সতপাল মহাৰাজে৷
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet