• উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ; ১০ মাৰ্চত ঘোষণা হ'ব ফলাফল

    ৰাজনৈতিক
    উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ; ১০ মাৰ্চত ঘোষণা হ'ব ফলাফল
    ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। আজি পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পক্ৰিয়া। ভোটগ্ৰহণ সন্ধিয়া ৭বজাত অন্ত পৰাৰ লগে লগে দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিব। উত্তৰ প্ৰদেশত আজি ৯খন জিলাৰ ৫৪টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৬১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.০৬কোটি ভোটাৰে। পুৱাৰে পৰা এই আটাইকেইটা সমষ্টিত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

    আজি নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া জিলাসমূহৰ ভিতৰত আছে বাৰাণসী , চান্দৌলি, ভাদোহী, মিৰ্জাপুৰ, ৰবাৰ্টছগঞ্জ, গাজীপুৰ, মৌ, আজমগড় আৰু জৌনপুৰ। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সপ্তম পৰ্যায়ত ৭৫ গৰাকী মহিলাকে ধৰি মুঠ ৬১৩ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ধাৰণ কৰা হ'ব। ৪০৩ খন আসনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম ছটা পৰ্যায়ত ৰাজ্যখনৰ ৩৪৯ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ'ব।

    আৰু পঢ়কঃ পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ ৰহস্যজনক মৃত্যু! তদন্তৰ নিৰ্দেশনা পেলেষ্টাইনী ৰাষ্ট্ৰপতিৰ