• উপ-নিৰ্বাচন বতাহ প্ৰৱল; থাওৰাত ভিৰ কৰিছে প্ৰাৰ্থী-প্ৰচাৰকে

    ৰাজনৈতিক
    উপ-নিৰ্বাচন বতাহ প্ৰৱল; থাওৰাত ভিৰ কৰিছে প্ৰাৰ্থী-প্ৰচাৰকে

    শিৱসাগৰ : থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হৈ উঠিছে । কেন্দ্ৰীয় মন্ত্ৰী , সাংসদ, ৰাজ্যৰ তিনি জন প্ৰভাৱশালী মন্ত্ৰী , ৯ জন বিধায়ক আৰু দলৰ নেতা কৰ্মীৰে শাসক দল বিজেপিয়ে সুশান্ত বৰগোহাঁই জয়ী কৰিবলৈ উঠি পৰি লাগিছে।





    ইপিনে উপ-নিৰ্বাচনৰ যুঁজত পাছ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাও৷ নিৰ্বাচনী প্ৰচাৰে সমষ্টিৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লোহিত গোৱালা। কেতিয়াবা চাইকেলেৰে প্ৰচাৰ অভিযান চলাই আৰু কেতিয়াবা দেহৰক্ষী লৈ মটৰচাইকেলেৰে প্ৰচাৰ অভিযানত ব্যস্ত লোহিত গোৱালা।





    নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাই ৫০ হাজাৰ ভোটত উপ নিৰ্বাচনত জয়ী হ'ব বুলি দাবী কৰে। ইপিনে সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰেও সমান্তৰালকৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ কোঁৱৰৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে প্ৰচাৰৰ নেতৃত্ব দিছে।