• এইবাৰ কণ্টেইনাৰত ভৰাই লৈ গ’ল চোৰাং গৰু

    ৰাজনৈতিক
    এইবাৰ কণ্টেইনাৰত ভৰাই লৈ গ’ল চোৰাং গৰু





    ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গো-সুৰক্ষা আইন নানা বিতৰ্কৰ মাজেৰে গৃহীত কৰিলে। কিন্তু চৰকাৰে গৃহীত কৰা আইন অথবা গৰু চিণ্ডিকেটৰ সৈতে জড়িত ব্যক্তিক যিমানেই এনকাউণ্টাৰ নকৰক কিয় তথাপি বন্ধ হোৱা নাই গৰু চিণ্ডিকেট। গো- সৰবৰাহকাৰী সকলে অভিনৱ পদ্ধতিৰে ৰাজ্যত অব্যাহত ৰাখিছে চোৰাং গৰুৰ ব্যৱসায়।গো-সুৰক্ষা আইনৰ প্ৰকৃত স্বৰূপ উদঙালে শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক দুৰ্ঘটনা।
    এন আৰ এল তেল ডিপুৰ সন্মুখত গৰুভৰ্তি এখন কণ্টেইনাৰে কালি নিশা ২ বজাত সংঘটিত কৰে এক দুৰ্ঘটনা।





    দহচকীয়া UP-21-CT-1540 নম্বৰৰ কণ্টেইনাৰ আৰু UP-15-AT-5035 নম্বৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পোহৰলৈ আহিল গৰু সৰবৰাহৰ অভিনৱ ভয়ংকৰ পদ্ধতি। আৰক্ষী সূত্রে প্ৰকাশ কৰা মতে কন্টেইনাৰখনত নথি-পত্ৰবিহীন ৩৭ টা গৰু আছিল। তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা কন্টেইনাৰ খনৰ চালক-হেণ্ডিমেন এতিয়াও পলাতক অৱস্থাতে আছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা সুৰাভৰ্তি ট্ৰাক খনৰো কোনোধৰণৰ কাগজ-পত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।