• এমাহতে ৫ লাখক চাকৰি দিব কংগ্ৰেছে : প্ৰচাৰ অভিযান আৰম্ভ

    ৰাজনৈতিক
    এমাহতে ৫ লাখক চাকৰি দিব কংগ্ৰেছে : প্ৰচাৰ অভিযান আৰম্ভ

    গুৱাহাটী : ‘'কা' নহয়, চাকৰি লাগে’। এই শ্লোগানেৰে আজি ৰাজীৱ ভৱনত প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে কংগ্ৰেছ দলে। অসমৰ যুব-প্ৰজন্মক ‘কা' নালাগে, চাকৰিহে লাগে বুলি উল্লেখ কৰি কংগ্ৰেছৰ চৰকাৰ হ’লে এমাহৰ ভিতৰেই ৫লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি ঘোষণা কৰিছে দলটোৱে৷





    আৰু পঢ়িব পাৰিব : মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিলে বিজেপিত প্ৰাক্তন মন্ত্ৰীয়ে !





    আজি এ আই চি চিৰ ৰাষ্ট্ৰীয় আহ্বায়ক প্ৰণৱ ৱছৰাজানী, এ আই চি চি মিডিয়া বিভাগত অধ্যক্ষ ডঃ সুমিত ডুবেই এখন সাংবাদমেলৰ সম্বোধন কৰে৷ সংবাদমেলত নেতা দুগৰাকীয়ে অভিযোগ কৰে যে, বিজেপিয়ে ৫বছৰত ৫লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু কেৱল ৮০ হাজাৰকহে বিজেপিয়ে চাকৰি দিবলৈ সক্ষম হৈছে বুলি তেওঁলোকে অভিযোগ কৰে৷





    আৰু পঢ়িব পাৰিব : এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত কেমিকেলযুক্ত শুকান মাছ! জনস্বাস্থ্যৰ প্ৰতি ভাবুকি





    কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে সকলো পালন কৰিব বুলিও নেতা দুগৰাকীয়ে দাবী কৰে৷ বিভিন্ন বিভাগত খালী হৈ থকা সকলো কংগ্ৰেছে পদ পূৰণ কৰিব বুলি সংবাদমেলখনত দাবী কৰে নেতা দুজনে৷