Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
অমৃতসৰ : প্ৰথমে নৱজ্যোৎ সিং সিদ্ধুৰ বিসম্বাদ। তেওঁৰ খুব আগ্ৰহ নাথাকিলেও হাইকমাণ্ডৰ নিৰ্দেশত সিদ্ধুক পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব। তাৰ পাছতো কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দুৰ্দিন আঁতৰা নাই। এইবাৰ তেওঁ একপ্ৰকাৰ হেৰুৱালে তেওঁৰ সোঁহাত। সিঙৰ মুখ্য পৰামৰ্শদাতাৰ পদ এৰিলে দেশৰ প্ৰখ্যাত নিৰ্বাচনী কৌশল নিৰ্দ্ধাৰক প্ৰশান্ত কিশোৰে।
মুখ্যমন্ত্ৰী সিঙলৈ পত্ৰ প্ৰেৰণ কৰি নিজৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে প্ৰশান্ত কিশোৰে। ৰাজহুৱা জীৱনৰ পৰা সাময়িক বিৰতি লোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ প্ৰকাশ কৰে। পত্ৰখনত তেওঁ লগতে উল্লেখ কৰে যে, তেওঁ নিজৰ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এতিয়াও বাকী আছে।
কিশোৰে লিখিছে, ‘ৰাজহুৱা জীৱনৰ পৰা সাময়িক বিৰতি লোৱাৰ বাবে মই লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত মই আপোনাৰ মুখ্য পৰামৰ্শদাতাৰ দায়িত্ব পালন কৰিবলৈ অপাৰগ হৈছোঁ। মই যিহেতু এতিয়াও মোৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপন কৰিবলৈ বাকী আছে সেয়েহে মই মোক মোৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ জনাইছোঁ।’ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ এই সিদ্ধান্ত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে।
Leave A Comment