• ক'ভিত প্ৰট'কল মানি অনুষ্ঠিত হ'ব ৫ ৰাজ্যত নিৰ্বাচন

    ৰাজনৈতিক
    ক'ভিত প্ৰট'কল মানি অনুষ্ঠিত হ'ব ৫ ৰাজ্যত নিৰ্বাচন

    নতুন দিল্লী : আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত অনুষ্ঠিত হৈছে নিৰ্বাচন আয়োগৰ সংবাদমেল৷ সংবাদমেলখন সম্বোধন কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনিল আৰোৰাই৷ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অনুষ্ঠিত হ'ব ২০২১ৰ নিৰ্বাচন৷ আৰু এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিব নিৰ্বাচন আয়োগে৷





    আৰু পঢ়িব পাৰিব :শিৱসাগৰত নিৰ্মাণ হ’ব আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় : ঘোষণা হিমন্ত বিশ্বৰ





    ক'ভিত প্ৰট'কল মানি অনুষ্ঠিত হ'ব নিৰ্বাচন৷ সকলো ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্দিষ্ট সময়ৰ মূৰত ছেনিটাইজ কৰিব লাগিব৷ সকলো স্বাস্থ্য বিধি মানি চলিব লাগিব ভোটকেন্দ্র সমূহে৷ ভোটাৰৰ সুৰক্ষাৰ প্ৰতি চকু দিয়া হ'ব৷ কৰ’না কালৰ মাজতে বিহাৰত সুকলমে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলিও মন্তব্য তেওঁৰ৷





    আৰু পঢ়িব পাৰিব :সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্ৰীঃ ৰাইজৰ দল





    ইতিমধ্যে অসমৰ লগতে পাঁচ ৰাজ্যত গৈ নিৰ্বাচন আয়োগৰ দলে নিৰাপত্তাৰ দিশসূমহ পৰ্যালোচনা কৰি আহিছে৷ অসমত এইবাৰ ৩৩,৫৩০টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব বুলিও উল্লেখ কৰে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে৷ ৫ ৰাজ্যত মুঠ ৮২৪ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন৷ সকলো নিৰ্বাচনী বিষয়াক টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব।