ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপট সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰত কয় যে গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পৰা কেন্দ্ৰই পশ্চিম বংগৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰা সিদ্ধান্তত তেওঁ বিস্মিত হৈছে। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰৰ জৰিয়তে পশ্চিম বংগৰ স্বাধীনতা সংগ্ৰামীসকলৰ এক প্ৰতীকপট পেৰেডত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে৷
গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে পশ্চিম বংগৰ প্ৰতীকপট কোনো কাৰণ নিদিয়াকৈ নাকচ কৰা হৈছে বুলি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷
গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পৰা পশ্চিম বংগ চৰকাৰৰ প্ৰস্তাৱিত প্ৰতীকপট প্ৰত্যাখ্যানৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি তেওঁ হতচকিত হোৱা বুলি মন্তব্য কৰিছে৷ তেওঁ লিখিছে যে এইটো আমাৰ বাবে আৰু অধিক আচৰিত আছিল এইবাবেই যে কোনো কাৰণ বা যুক্তি নিদিয়াকৈ পশ্চিম বংগৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰা হৈছিল।
প্ৰস্তাৱিত প্ৰতীকপট নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষত তেওঁৰ অৱদানৰ স্মৃতিত আছিল। বেনাৰ্জীয়ে লিখিছিল যে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত বংগ শীৰ্ষস্থানত আছিল। ৰাজ্যখনে দেশক বিভক্ত কৰি আৰু লাখ লাখ লোকহে হেৰুৱাই দেশৰ স্বাধীনতাৰ বাবে আটাইতকৈ ডাঙৰ মূল্য পৰিশোধ কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়েও কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা বুলি সদৰি কৰিছে৷
Leave A Comment