• চলি আছে বিধানসভা নিৰ্বাচন: তাৰ মাজতে এতিয়া উত্তৰ প্ৰদেশত মৃত্যুৰ কিৰিলী

    ৰাজনৈতিক
    চলি আছে বিধানসভা নিৰ্বাচন: তাৰ মাজতে এতিয়া উত্তৰ প্ৰদেশত মৃত্যুৰ কিৰিলী
    ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজতে মৃত্যুৰ কিৰিলী৷ গুলীয়াই হত্যা কৰা হৈছে সমাজবাদী পাৰ্টীৰ নেতাক৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে যোদী আদিত্যনাথৰ উত্তৰ প্ৰদেশ৷ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাত বহনক্ষম উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ দিশৰ পৰা নিম্নমানৰ ফল প্ৰদৰ্শন কৰা ৰাজ্যখন এতিয়া অপৰাধীৰ ঘাটিত পৰিণত হৈছে৷ ধৰ্মৰ আফিঙেৰে উত্তৰ প্ৰদেশবাসীক ধৰ্মান্ধ কৰি ৰাখিব খোজাৰ অভিযোগ আছে যোগী আদিত্যনাথৰ বিৰুদ্ধে৷ অথচ, এইবেলি নিৰ্বাচনত ৰাজ্যখনত ধৰ্ম কোনো নিৰ্বাচনী ইচ্ছ্যুত পৰিণত নহ’ল৷

    বৰং, শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰে হ’লগৈ এইবাৰ ৰাজ্যখনৰ মূল নিৰ্বাচনী ইচ্ছ্যু৷ যি কথা স্বীকাৰ কৰিছে স্বয়ং বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ লোকসভাৰ সাংসদ বৰুণ গান্ধীয়ে৷ আৰু, পৰাজয়ৰ আশংকাত হিতাহিত হেৰুৱাই এতিয়া উত্তৰ প্ৰদেশত চলিছে হত্যাযজ্ঞ৷

    বিধানসভা নিৰ্বাচন চলি থকাৰ মাজতে ৰাজ্যখনৰ শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ বুথ এজেণ্টক গুলীয়াই হত্যা কৰা হৈছে৷ সমাজবাদী পাৰ্টীৰ নেতা তথা বুথ এজেণ্ট সুধীৰ যাদৱক মঙলবাৰে পুৱা শ্বাহজাহানপুৰত ভুৱা ভোটদান বিতৰ্কৰ বাবে গুলীয়াই হত্যা কৰা হৈছিল। সুধীৰ সমাজবাদী পাৰ্টীৰ বুথ সভাপতি আছিল। ইয়াৰ পূৰ্বে, তিলহাৰ বিধানসভা আসনৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰোশন লাল বাৰ্মাৰ ঘৰত বিজেপি কৰ্মীসকলে হুলস্থূলৰ সৃষ্টি কৰিছিল। সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ ঘৰত বিজেপি কৰ্মীৰ দ্বাৰা শিলাবৰ্ষণ আৰু গুলীচালনাৰ খবৰ পোৱা গৈছিল।

    সাংবাদিক প্ৰশান্ত শুক্লাই টুইট কৰি কয়, নিশা শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ ঘৰত শিলাবৰ্ষণ আৰু গুলীচালনা সংঘটিত হয় আৰু পুৱা সমাজবাদী পাৰ্টীৰ বুথ এজেণ্ট সুধীৰ যাদৱক তিলহাৰ বিধানসভা সমষ্টিত গুলীয়াই হত্যা কৰা হয়। এই ঘটনাৰ পাছত সমাজবাদী পাৰ্টীয়ে টুইট কৰি কয়, পৰাজয়ৰ উমান পাই হতাশ হৈ বিজেপিয়ে ৰক্তপাত কৰি আছে! শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ বুথ এজেণ্ট সুধীৰ যাদৱৰ হত্যা ক্ষমতা সুৰক্ষিত কৰি ৰাখিব খোজা হত্যাকাৰীৰ দ্বাৰা এক সুপৰিকল্পিত কাৰ্য বুলি দলটোৱে অভিযোগ কৰে৷