• ছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰিবলৈ আহ্বান জোৰামথাংগাৰ

    ৰাজনৈতিক

    গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ৷ লগতে কথা পাতিলে অসমৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও৷ অসম-মিজো সীমান্ত সমস্যা সমাধানত সন্মতি প্ৰদান দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ৷

    ছ’চিয়েল মিডিয়াত উচতনিমূলক প’ষ্ট নকৰিবলৈ আহ্বান জোৰামথাংগাৰ ৷ 'ছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰক' মিজোৰামবাসীলৈ এই আহ্বান মিজো মুখ্যমন্ত্ৰীগৰাকীৰ৷

    ইপিনে অসম-মিজো সীমান্ত সংঘৰ্ষত মিজো চৰকাৰৰ এজাহাৰৰ পৰা হিমন্ত বিশ্বৰ নাম প্ৰত্যাহাৰৰ সম্ভাৱনা৷ বিষয়টো পৰীক্ষাৰ বাবে মিজোৰামৰ মুখ্য সচিবক নিৰ্দেশ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নাম থকাক লৈ অজ্ঞ জ’ৰামথাংগা৷

    Weather Forecast