• তামলিনাডুত থকাসৰকা বিজেপিঃবিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছ জোঁট

    ৰাজনৈতিক
    তামলিনাডুত থকাসৰকা বিজেপিঃবিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছ জোঁট

    চেন্নাই: তামিলনাডুত বিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছৰ জোঁট| প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰ নিশা পৰ্যন্ত তামিলনাডু বিধানসভা নিৰ্বাচনৰ মুঠ ২৩৪খন আসনৰ ১৪০খনতকৈ অধিক আসনত জয়ী হ'বলৈ সক্ষম হৈছে| এআইডিএমকেৰ হাতে হাত ধৰি বিজেপিয়ে তামিলনাডুত ক্ষমতাত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যদিও সংখ্যাগৰিষ্ঠতা অৰ্থাৎ ১১৮খন আসনৰ ওচৰ চাপিবই নোৱাৰিলে জয়াললিতা তথা আম্মাৰ দল| আনহাতে, ডিএমকে শিবিৰত আনন্দৰ বন্যা|





    আৰু পঢ়িব পাৰিব :    শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট






    উল্লেখ্য যে জয়াললিতাৰ মৃত্যুৰ পাছত তেওঁৰ দল এআইডিএমকেৰ ছন্দপটনৰ বিপৰীতে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কৰুণা পুত্ৰ ষ্টাইলিনৰ উখানে তামিলনাডুৰ ৰাজনীতিত নতুন গতি পৰিলক্ষিত হৈছে| এনে পৰিপ্ৰেক্ষিতত ২০২১চনৰ বিধানসভা নিৰ্বাচনত ডিএমকে-কংগ্ৰেছ জোঁটে তামিলনাডুত ক্ষমতা দখল কৰিব বুলি পূৰ্বানুমান কৰা হৈছিল|





    আৰু পঢ়িব পাৰিব :    পৰিত্যক্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহঃ চিলাপথাৰ ৰে’ল ষ্টেচনত আতংক






    দেওবাৰে নিৰ্বাচনৰ ছবি প্ৰায় স্পষ্ট হৈ পৰাৰ পাছতে তামিলনাডুৰ জনসাধাৰণক উদ্দেশ্যি ষ্টাইলিনৰ ধন্যবাদ সূচক মন্তব্য| তেওঁ সদৰী কৰিছে যে, 'ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত সাধাৰণ জনতাৰ বাবেই কাম কৰি যাব আমাৰ দল| সম্প্ৰতি ক'ভিড বিধিৰ বাবে সমৰ্থকসকলক অত্যধিক জনসমাগমৰপৰা বিৰত থাকিবলৈ আহ্বান জনায় তামিলনাডুৰ ভাবি মুখ্যমন্ত্ৰীগৰাকীয়ে|