• তালিবান আৰু বিজেপিক সামৰি কপিল চিবালৰ মহাবিস্ফোৰণ

    ৰাজনৈতিক
    তালিবান আৰু বিজেপিক সামৰি কপিল চিবালৰ মহাবিস্ফোৰণ

    ডিজিটেল ডেস্ক: “উত্তৰ প্ৰদেশৰ সমাগত বিধানসভা নিৰ্বাচনত লাভ আদায় কৰিব পৰাকৈ বিজেপি দলে আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ প্ৰসংগটোক ব্যৱহাৰ কৰিব”।
    এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিবালৰ।তেওঁ লগতে কয় যে, “আফগানিস্তানৰ আভ্যন্তৰীন এটি বিষয়ত আমাৰ কোনো ভূমিকা নাই। তৎসত্বেও কিন্তু আফগানিস্তানৰ পৰিস্থিতিক ব্যৱহাৰ কৰিবলৈ বিচৰা হৈছে একমাত্ৰ সমাগত উত্তৰ প্ৰদেশ নিৰ্বাচনত শাসকীয় দলক লাভ আদায় কৰি দিয়াৰ স্বাৰ্থত”।






    তেওঁ এইক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাৰ প্ৰতিও আঙুলি টোৱাই কয় যে সংবাদ মাধ্যমেও এই ক্ষেত্ৰত শাসকীয় পক্ষক সহযোগ কৰাৰ কাম আৰম্ভ কৰিছে।
    অৱশ্যেই তালিবানৰ অভ্যুত্থানৰ বিষয়টো কপিল চিবালে ক’বৰ লেখিয়াকৈ ভাৰতৰ দৃষ্টিকোণৰ পৰা একেবাৰেই অপ্ৰাসংগিক বিষয় নহয় বুলি বহুজনে মন্তব্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত এজন ব্যক্তি আজিৰ তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী। আনহাতে এই চৰকাৰ গঠনত পাকিস্তানে প্ৰত্যক্ষভাৱে আগবঢ়াইছে সহায়ৰ হাত। চীনে জনাইছে তালিবানী চৰকাৰক অভিনন্দন। এনেক্ষেত্ৰত সঁচাকৈয়ে তালিবানৰ অভ্যুত্থান ভাৰতৰ বাবে অপ্ৰাসংগিক বিষয় নে সংশয়ৰ বিষয় সেই লৈ বিভিন্ন মহলত চৰ্চা চলিছে।কাজেই কপিল চিবালৰ মন্তব্যইও খলকনি তুলিছে ৰাজনীতিৰ ভূ ৰখা মহলত।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor