ডিজিটেল ডেস্ক: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতিত এতিয়া ব্যাপক ব্যস্ততাৰ সৃষ্টি কৰিছে। আজি তিনিখনকৈ ৰাজ্যত চলিছে ভোটগ্ৰহণ। দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূ্ৰ্ণ হিচাপে চিহ্নিত ৰাজ্য উত্তৰ প্ৰদেশত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলিছে। আজি ৰাজ্যখনৰ নখন জিলাৰ ৫৫টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। আনহাতে, আন দুখন বিজেপি শাসিত ৰাজ্য গোৱা আৰু উত্তৰাখণ্ডতো আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ড বিধানসভাৰ ৭০খন আসনৰ বাবে আৰু গোৱাৰ মুঠ ৪০খন আসনৰ বাবে ভোটগ্ৰহণ হৈছে আজি।
মন কৰিবলগীয়া যে, তিনিওখন ৰাজ্যতে ভোটাৰৰ সঁহাৰি মিশ্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। উত্তৰ প্ৰদেশৰ ৫৫খন আসনৰ বাবে অনুষ্ঠিত
ভোটগ্ৰহণত বিয়লিৰ ভাগলৈ প্ৰায় ৬০শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। গোৱাত তুলনামূলকভাৱে ভোটদানৰ হাৰ বেছি আৰু বিয়লিৰ ভাগলৈ ৭৫শতাংশৰো অধিক লোকে ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। উত্তৰাখণ্ডত ভোটদানৰ হাৰ আৰু অধিক কম হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনত বিয়লিৰ ভাগলৈ প্ৰায় ৫০শতাংশ ভোটাৰেহে নিজৰ মতদান কৰিছিল। ভোটদানৰ এনে নিম্নগামী হাৰে শাসকীয় পক্ষক লাভান্বিত কৰে বুলি ধৰা হয়। নিৰ্বাচনত ভোটাৰৰ এনে উৎসাহহীনতাই শাসন ব্যৱস্থাত স্থিতাৱস্থা বাহাল ৰখাৰ ইংগিত দিয়ে বুলি বিভিন্নজন ৰাজনৈতিক বিশেষজ্ঞই মত প্ৰকাশ কৰি আহিছে। সেয়েহে তিনিওখন বিজেপি শাসিত ৰাজ্যৰ নিৰ্বাচনক লৈ বিজেপি দল সুখী হোৱাৰে সম্ভাৱনা অধিক।
ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত আঠটা অতি স্পৰ্শকাতৰ সমষ্টিৰ ওপৰত বিভিন্নজনে দৃষ্টি নিবদ্ধ ৰাখিছে।বিজনোৰ, চম্বল আৰু শ্বাহাৰনপুৰ জিলাৰ এই আঠটা সমষ্টি ধৰ্মীয় সংখ্যালঘু লোকৰ বসতি প্ৰধান সমষ্টি আৰু এইকেইটাত সমাজবাদী পাৰ্টীৰ প্ৰভাৱ অতি বেছি। কেৱল এয়াই নহয় আজি ভোটগ্ৰহণ হোৱা ৫৫টা সমষ্টিতে সমাজবাদী পাৰ্টীয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনাৰ কথা চৰ্চা হৈছে। বিগত বিধানসভা নিৰ্বাচনত এই সমষ্টিকেইটাৰ ভিতৰত বিজেপিয়ে ৩৮খন আসন দখল কৰিছিল। সমাজবাদীয়ে মাত্ৰ ১৫খন আৰু কংগ্ৰেছে দুখন আসনত বিজয়ী হৈছিল। কিন্তু এইবাৰ দলিত ভোটাৰৰ মনযোগ সমাজবাদীৰ প্ৰতি আকৰ্ষিত হোৱা বুলি ধাৰণা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত এই আসনকেইখনৰ ফলাফলে সমাজবাদীক নিৰ্বাচনত শক্তিশালী কৰি তোলাৰ সম্ভাৱনা আছে।
ইফালে, ৪০খন আসনৰ ক্ষুদ্ৰ ৰাজ্য হ’লেও গোৱাৰ নিৰ্বাচনক লৈও এইবাৰ ব্যাপক চৰ্চা চলিছে। তাৰ কাৰণ হৈছে গোৱাত আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছৰ দৰে নতুন দলে খোপনি পুতিবলৈ চেষ্টা কৰাটো। দিল্লীৰ পৰা সাম্ৰাজ্য বিস্তাৰৰ বাবে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী আৰু মমতাৰ তৃণমূলে গোৱাত নিজৰ প্ৰভাৱ বিস্তাৰৰ তীব্ৰ চেষ্টা চলাইছে। ইফালে, ৰাজ্যখনৰ পানাজী আসনখনৰ ওপৰতো সকলোৰে দৃষ্টি আবদ্ধ হৈ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰে প্ৰতিনিধিত্ব কৰা এই আসনখনত বিজেপিৰ টিকট বিচাৰি বিমুখ হৈছিল পাৰিকৰৰ পুত্ৰ উতপল পাৰিকৰ। সেইবাবে তেওঁ বিজেপি ত্যাগ কৰি নিৰ্দলীয়ভাৱে এই আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।
Leave A Comment