• তুংগত ঠেঙাল - কছাৰী পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ

    ৰাজনৈতিক
    তুংগত ঠেঙাল - কছাৰী পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ

    ডিজিটেল ডেস্কঃ ঠেঙাল- কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। ক’ভিডকালীন পৰিস্থিতিৰ মাজত শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে সমানেই অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন।






    প্ৰতিটো ৰাজনৈতিক দলে নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে৷ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদ্য প্ৰাক্তন অধক্ষ্যা তথা ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিৰ সদস্য হৰপ্ৰভা ঠেঙালৰ নিজা গাঁৱৰ ভেটি কঁপাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ সাংসদ গৌৰৱ গগৈৰ৷ বৰ্তমানৰ পৰিষদৰ অধ্যক্ষা হৰপ্ৰভা ঠেঙালৰ নিজা গাঁৱতে কংগ্ৰেছৰ নিৰ্বাচনী সভাত গাঁওবাসীৰ কংগ্ৰেছ প্ৰাৰ্থী বিপিন বৰাৰ প্ৰতি বিপুল সঁহাৰিৰে কেইবা শতাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণে বিজেপি প্ৰাৰ্থী হৰপ্ৰভা ঠেঙালৰ ভেটিত কঁপনি তুলিছে বুলি প্ৰচাৰ চলাইছে কংগ্রেছকৰ্মীসকলে।





    অগপৰ নেতা পৰাগজ্যোতি হাজৰিকায়ো সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনাই বক্তব্য প্ৰদান কৰে৷ শনিবাৰে নিৰ্বাচনী-প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক ৰ’জলীনা তিৰ্কী, জিলা কংগ্ৰেছৰ সভাপতি দাদু টাই, মৰঙি ব্লক কংগ্ৰেছৰ সভাপতি ভোলা বৰুৱা, পৰিষদীয় সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বিপিন বৰা, যুৱ-কংগ্ৰেছৰ দিগন্ত বাইলুঙৰ উপৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি কংগ্ৰেছ প্ৰাৰ্থীজনৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়৷ সাংসদ গৌৰৱ গগৈয়ে কয় যে, বিজেপিৰ পৰা ৰাইজে তিতা-কেঁহা সকলো পাইছে৷ সেইবাবে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে লাহে লাহে বিজেপিক বিদায় দিব৷ আগন্তুক ৰাজ্যসভাৰ দুখনকৈ আসনৰ নিৰ্বাচন সম্পৰ্কতো শাসনাধীষ্ঠ বিজেপিক তীব্র সমালোচনা কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে সাংসদগৰাকীয়ে।