• দামবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ: অংকিতা দত্তৰ উত্তাল কণ্ঠত মুখৰিত ৰাজপথ

    ৰাজনৈতিক
    দামবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ: অংকিতা দত্তৰ উত্তাল কণ্ঠত মুখৰিত ৰাজপথ
    ডিজিটেল ডেস্ক: দামবৃদ্ধিৰ জুয়ে দহিছে সৰ্বসাধাৰণক৷ ত্ৰাসি মধূসুদন সুঁৱৰিছে সৰ্বসাধাৰণ ৰাইজ তথা নেতাই৷
    তাৰ মাজতে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ নেতৃত্বত যুৱ কংগ্ৰেছে দামবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদেৰে উত্তাল কৰি তোলে গুৱাহাটীৰ ৰাজপথ৷

    শেহতীয়াভাৱে দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰতিবাদত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে আজি সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। তাৰেই অংশস্বৰূপে গুৱাহাটীতো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড° অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী, উপ-সভাপতি পৰিতোষ ৰয়ৰ লগতে বিভিন্ন বিষয়ববীয়াৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। আৰক্ষীৰ প্ৰৱল বাধাকো নেওচি গুৱাহাটী মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে দামবৃদ্ধি ৰোধ কৰিব নোৱৰা চৰকাৰখনৰ বিৰুদ্ধে ভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে।



    প্ৰতিবাদস্থলীত যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে চিলিণ্ডাৰ ওলোটাই পাচলিৰ মালা আঁৰি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলীতে চিলিণ্ডাৰ ওলোটাই চাহ কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে যুৱনেত্ৰীগৰাকীয়ে৷



    সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত সভাপতি ড° অংকিতা দত্তই কয় যে, দামবৃদ্ধিকে ধৰি জনতাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰি এই বিজেপি চৰকাৰখনে কেৱল ধৰ্মীয় উন্মাদনা আৰু চমকলগা কথাৰে মানুহক বিভ্ৰান্ত কৰি ৰখাৰ চক্ৰান্ত আৰম্ভ কৰিছে। যেতিয়ালৈকে দামবৃদ্ধি ৰোধ নহব আৰু সৰ্বসাধাৰণৰ ৰাইজ আৰু যুৱক-যুৱতীৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে এই চৰকাৰখনে পদক্ষেপ হাতত নল’ব, তেতিয়ালৈকে যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ দেশজুৰি অব্যাহত থাকিব।

    New PCA Banner