National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
নতুন দিল্লী: নতুন দিল্লীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ। জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুন বৰা, দেৱব্রত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰাণী নৰহ, সুস্মিতা দেৱ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰানা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন চিকদাৰে সাক্ষাৎ কৰে তেওঁলোকক। উপ-নিৰ্বাচন, দলীয় অনুশাসন আৰু আগন্তুক দিনত দলক আগুৱাই নিয়াৰ নীতি সন্দৰ্ভত আলোচনা লিপ্ত হয় কংগ্ৰেছ নেতাসকল৷
দিল্লীত ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ভূপেন বৰাই উল্লেখ কৰে যে, উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা হৈছে৷ ৫গৰাকী নেতাক ৫টা সমষ্টিৰ দায়িত্ব দিয়া হৈছে। মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছক সিদ্ধান্ত লোৱাৰ দায়িত্ব দিছে৷ লগতে তেওঁ কয় যে, ‘অখিল গগৈলৈ মোৰ শুভ কামনা আছে, আমাৰ দলৰ নেতা-কৰ্মীয়ে যেনেকৈ মোক আগুৱাই যাবলৈ দিব তেনেকৈয়ে আগুৱাই যাম।’
আনহাতে দেৱব্ৰত শইকীয়াই মন্তব্য কৰে যে, ‘বিজেপিলৈ দুই-চাৰিজন কংগ্ৰেছ নেতা যাব পাৰে। নিজৰ স্বাৰ্থৰ বাবে যাব, দলৰ আদৰ্শৰ প্ৰতি বিশ্বাস নথকাসকল যাব পাৰে।’
Leave A Comment