comScore
  • দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ: ধুতি পিন্ধি বিধায়ক আহিল সদনলৈ

    ৰাজনৈতিক
    দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ: ধুতি পিন্ধি বিধায়ক আহিল সদনলৈ
    ডিজিটেল ডেস্ক: এইবাৰ ধুতি পিন্ধি সংবাদ শিৰোনামলৈ আহিছে হাৰিয়ানাৰ এগৰাকী বিধায়ক৷ হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক নীৰজ শৰ্মাই ধুতি পিন্ধি প্ৰৱেশ কৰিলে হাৰিয়ানা বিধানসভা চৌহদত৷ বিধানসভাৰ ভিতৰত তেওঁ ধুতি আৰু অংগবস্ত্ৰ পৰিধান কৰি উপস্থিত হৈছিল। ফৰিদাবাদ পৌৰ নিগমৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে বিধায়কজনে চিলাই কৰা কাপোৰ নিপিন্ধাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷

    তেওঁ কয়, মই কাপোৰ পিন্ধিব নোৱাৰিম বা ভৰিত জোতাও নিপিন্ধিম। দুৰ্নীতিগ্ৰস্তসকল গ্ৰেপ্তাৰ নোহোৱালৈকে মই প্ৰতিজ্ঞা পালন কৰিম। হাৰিয়ানা বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত বিধায়ক নীৰজ শৰ্মাৰ পোছাক আলোচনাৰ বিষয় হৈ পৰিছে। তেওঁ ঘোষণা কৰিছে যে চৰকাৰে দুৰ্নীতিগ্ৰস্তসকলক গ্ৰেপ্তাৰ নকৰালৈকে তেওঁ তেওঁৰ প্ৰতিজ্ঞা পালন কৰিব। কংগ্ৰেছ বিধায়কজনে অভিযোগ কৰিছিল যে ২০১৪ৰ পৰা ফৰিদাবাদ পৌৰ নিগমৰ দুৰ্নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই।

    পৌৰ নিগমত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি নীৰজ শৰ্মাই ধুতি আৰু বগা অংগবস্ত্ৰ পৰিধান কৰি বিধানসভাত প্ৰৱেশ কৰিছিল। একে সময়তে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কংগ্ৰেছ বিধায়কজনৰ পোছাকক আক্ৰমণ কৰে আৰু কয় যে তেওঁ একে ধৰণৰ নমুনা আশা কৰি আছে। এই মন্তব্যৰ পিছত সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷

    বৰ্ধিত বিতৰ্কৰ মাজতে অধ্যক্ষগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী খট্টৰে তেওঁক নমুনা বুলি কোৱা নাছিল কিন্তু তেওঁ কেনেদৰে পোছাক পিন্ধিছিল তাৰ নমুনা সম্পৰ্কতহে ব্যাখ্যা কৰিছিল৷
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet