comScore
  • দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হবলৈ সাজু;২১ মাৰ্চত শপত ল'ব যোগী আদিত্যনাথে

    ৰাজনৈতিক
    দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হবলৈ সাজু;২১ মাৰ্চত শপত ল'ব যোগী আদিত্যনাথে
    ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত চৰকাৰ গঠনৰ বাবে বিজেপিৰ অনুশীলন তীব্ৰতৰ হৈছে। বুধবাৰে, উত্তৰ প্ৰদেশত নতুন কেবিনেট আৰু চৰকাৰ গঠনক লৈ বৈঠকৰ পৰ্যায় আৰু চিন্তা-চৰ্চা অব্যাহত আছে। বিজেপিয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়।

    উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷নতুন চৰকাৰ গঠনৰ পূৰ্বে যোগী আদিত্যনাথ ৰাওনা হয় ৰাজধানী নতুন দিল্লীলৈ। দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগী মন্ত্ৰীসভাৰ বৈঠক প্ৰায় চাৰে পাঁচ ঘণ্টা ধৰি চলিছিল। বৈঠকত দলৰ সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, স্বতন্ত্ৰ দেৱ সিং আৰু আন কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল। য'ত মন্ত্ৰীসকলৰ তালিকা বিবেচনা কৰা হৈছিল।

    একে সময়তে, ৰাজ্যখনত এমএলচি প্ৰাৰ্থীৰ নামো আলোচনা কৰা হৈছিল। দলটোৱে পুনৰ যোগী আদিত্যনাথৰ ওপৰত বিশ্বাস ৰাখিছে। সেয়েহে যোগী আদিত্যনাথ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। তেওঁ ২১ মাৰ্চত আবেলি ৩ বজাত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। লক্ষ্ণৌৰ ইকানা ষ্টেডিয়ামত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। যোগী আদিত্যনাথে গোৰখপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত ১,০৩,৩৯০ টা ভোটত জয়লাভ কৰে৷

    আৰু পঢ়কঃ মা শুই আছে! মাতৃৰ মৃতদেহৰ সৈতে ৪ দিন কটালে এটা ১০ বছৰীয়া শিশুৱে!

    BFC Banner
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet