comScore
  • ধৰ্ষণৰ ওপৰত কৰা মন্তব্যই বিপদ মাতিছে এগৰাকী মন্ত্ৰীৰ জীৱনলৈ- ক্ষমা ভিক্ষাও বিফল তেওঁৰ বাবে

    ৰাজনৈতিক
    ধৰ্ষণৰ ওপৰত কৰা মন্তব্যই বিপদ মাতিছে এগৰাকী মন্ত্ৰীৰ জীৱনলৈ- ক্ষমা ভিক্ষাও বিফল তেওঁৰ বাবে
    ডিজিটেল ডেস্ক: ধৰ্ষণৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল এগৰাকী জ্যেষ্ঠ নেতা৷ তেওঁ কৰা এটি মন্তব্যই সৰ্বত্ৰে লাভ কৰিছিল চৰ্চা৷ মন্তব্যটো আছিল এনেধৰণৰ- ‘ধৰ্ষণত নম্বৰ একত আছে ৰাজস্থান’৷ এই বিতৰ্কিত মন্তব্যটো কৰি ৰাজস্থানৰ মন্ত্ৰী শান্তি ধাৰিৱাল সোমাই পৰিছিল বিতৰ্কত৷ পিছে মন্তব্যটোত জিভা পিছল খোৱা বুলি ক্ষমা খুজিবলৈ সক্ষম হৈছে তেওঁ৷

    তেওঁ কয়, ‘মই সদায় মহিলাসকলক সন্মান জনাই আহিছো আৰু তেওঁলোকক সকলো কামত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছো। মই কোৱা কথাষাৰৰ বাবে মই দুঃখিত৷ এয়া জিভাৰ পিছলৰ বাবে ওলাই গৈছিল। মই ক’ব বিচাৰিছিলো ইছ প্ৰদেশ ম্যে য়ে মাৰ্জ কঁহা চে আ গয়া কিন্তু শেষত ইয়ে মাৰ্ডো কা প্ৰদেশ হ্যে বুলি কৈ তেওঁ কয় যে, 'মই সদনত ক্ষমা বিচাৰিম।'

    'ধৰ্ষণত আমি এক নম্বৰত আছো। কোনো সন্দেহ নাই। ধৰ্ষণ কাণ্ড কিয় সংঘটিত হৈ আছে আমাৰ ৰাজ্যখন?... কাৰণ এটাই ৰাজস্থান পুৰুষৰ সংখ্যা মহিলাতকৈ অধিক,' ৰাজস্থান বিধানসভাত ভাষণ দি শান্তি ধাৰিৱালে কৈছিল। বিধানসভাত বহি থকা কিছুমান বিধায়কক বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কিছু অস্বস্তি অনুভৱ কৰা দেখা গৈছিল।

    শান্তি ধাৰিৱালৰ ধৰ্ষণৰ মন্তব্যই ৰাজস্থান বিজেপিৰ মুৰব্বী সতীশ পুনিয়া, মুখপাত্ৰ শ্বেহজাদ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এনচিডব্লিউ) অধ্যক্ষ ৰেখা শৰ্মাই মন্ত্ৰীগৰাকীক গৰিহণা দিয়ে৷

    ৰেখা শৰ্মাই টুইটযোগে এনেদৰে লিখে, ‘ৰাজস্থান চৰকাৰত এনেধৰণৰ মন্ত্ৰী আছে সেয়েহে ৰাজ্যখনৰ মহিলাসকল কেনেদৰে সুৰক্ষিত হ’ব৷ ভয়ংকৰ অপৰাধৰ সন্মুখীন হৈছে মহিলা সমাজ আৰু আৰক্ষীৰ ভূমিকাও নীৰৱ৷ ৰাজ্যখনৰ মহিলাসকলে কেনেকৈ সুৰক্ষিত অনুভৱ কৰিব যদি ইয়াত এনেধৰণৰ মন্ত্ৰী থাকে? এনচিডব্লিউ ইণ্ডিয়াই ধাৰিৱালৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰি আছে।’

    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet