• নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ ৰাহুল-প্ৰিয়ংকা গান্ধী

    ৰাজনৈতিক
    নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ ৰাহুল-প্ৰিয়ংকা গান্ধী

    গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপ্ৰতি ৰাহুল গান্ধী৷ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ যুৱৰাজে৷ উজনিৰ ৩টাকৈ স্থানত অংশ ল’ব নিৰ্বাচনী প্ৰচাৰত৷ ডিব্ৰুগড়ৰ লাহোৱালত কলেজ শিক্ষাৰ্থীৰে কৰিব বাৰ্তালাপ কৰিব বুলিও জানিবলৈ পোৱা গৈছে৷





    আৰু পঢ়িব পাৰিব :বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ





    ইপিনে চাবুৱাটো চাহ শ্ৰমিকৰ সৈতে মিলিত হ’ব আলোচনাত৷ ডুমডুমাত এখন ৰাজহুৱা সভাত অংশ ল’ব ৰাহুলে৷ আনহাতে কাইলৈ মৰিয়নি আৰু গহপুৰত অংশ ল’ব ৰাজহুৱা সভাত৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে ২১-২২ মাৰ্চত অসমলৈ পুনৰ আহিব প্ৰিয়ংকা গান্ধী৷





    আৰু পঢ়িব পাৰিব :লংকাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটি শিশুৰ মৃত্যু





    ২১মাৰ্চত যোৰহাট-নাজিৰা-গোলাঘাটৰ ৰাজহুৱা সভাত অংশ ল’ব তেওঁ৷ ২২ত সৰুপথাৰ-কলিয়াবৰ-বটদ্ৰৱাৰ ৰাজহুৱা সভাত অংশ ল’ব প্ৰিয়ংকাই৷ বটদ্ৰৱা সত্ৰও দৰ্শন কৰিব প্ৰিয়ংকা গান্ধীয়ে৷