• নিৰ্বাচন গ’ল, এতিয়া ক’ভিড ভেকচিনৰ প্ৰমাণপত্ৰলৈ উভতিবলৈ সাজু মোদী

    ৰাজনৈতিক
    নিৰ্বাচন গ’ল, এতিয়া ক’ভিড ভেকচিনৰ প্ৰমাণপত্ৰলৈ উভতিবলৈ সাজু মোদী
    ডিজিটেল ডেস্ক: পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত এতিয়া পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰমাণপত্ৰত পুনৰ প্ৰকাশ কৰা হ’ব৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱা পাঁচখন ৰাজ্যত ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ পুনৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে।

    বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছত আৰু নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছতে ৮ জানুৱাৰীত উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পঞ্জাব আৰু মণিপুৰত কৰ’না ভেকচিনৰ প্ৰমাণপত্ৰত পৰা প্ৰধানমন্ত্ৰীৰ ফটো আঁতৰোৱা হৈছিল৷ অৱশ্যে, এতিয়া এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ভেকচিনৰ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটো পুনৰ মুদ্ৰণ কৰাটো পুনৰ আৰম্ভ কৰিব বিচাৰে বুলি এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে।

    তথ্য অনুসৰি, প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো অন্তৰ্ভুক্ত কৰাৰ বাবে কো-উইন প্লেটফৰ্মত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ’ব। ভাৰতৰ ক’ভিড ভেকচিন প্ৰমাণপত্ৰ মুঠ ১১৩খন দেশে গ্ৰহণ কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ। এতিয়ালৈকে, ১২ৰ পৰা ১৪বছৰ বয়সৰ লোকসকলৰ বাবে টিকাকৰণ অভিযানৰ আৰম্ভণিৰ পৰা ১.০৭ কোটিতকৈও অধিক কিশোৰ-কিশোৰীক ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে বুলি তথ্যত উল্লেখ কৰা হৈছে।