Politics
চামগুৰিঃ দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে চামগুৰিৰ লাওঁখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিমাৰী গাঁও পঞ্চায়ত। চতুৰ্দশ বিত্তীয় আয়োগৰ কামৰ নামত শিঙিমাৰী পঞ্চায়তত এতিয়া চলিছে লুণ্ঠনৰাজ। কাম নকৰাকৈয়ে পঞ্চায়তটোৰ সভাপতি-সচিবে আত্মসাৎ কৰিছে লাখে লাখে টকা।
পূব-শিঙিমাৰীত মৰণফান্দত পৰিণত হোৱা এটা কালৰ্ভাট মেৰামতি নকৰাকৈয়ে কাগজে-কলমে মেৰামতি কৰা দেখুৱাই পঞ্চায়ত সভাপতি-সচিবে লুটিছে চতুৰ্দশ বিত্তীয় আয়োগৰ ধন।
ইফালে চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ নামত কাম নকৰাকৈ পথৰ নামত আবণ্টিত ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে ৰহস্যজনক কথাটো হ’ল শিঙিমাৰী পঞ্চায়ত এলেকাত চৰকাৰী কাম-কাজ হৈছেনে নাই তাক জানিবৰ বাবে ক’তো এখনো নাম-ফলক দেখা নাই!
Leave A Comment