• পঞ্জাবো হেৰুৱাব কংগ্ৰেছে! এগজিট প’লৰ সমীক্ষাত আপৰ উত্থানৰ চমকপ্ৰদ ছবি

    ৰাজনৈতিক
    পঞ্জাবো হেৰুৱাব কংগ্ৰেছে! এগজিট প’লৰ সমীক্ষাত আপৰ উত্থানৰ চমকপ্ৰদ ছবি

    এবিপি-চি ভোটাৰৰ সমীক্ষা
    উত্তৰাখণ্ডত ২৬-৩২আসন লাভ কৰিব বিজেপিয়ে
    কংগ্ৰেছৰ সম্ভাৱনা ৩২-৩৮খন আসন লাভৰ


    ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আজি সমাপ্ত হ’ল। আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে এই দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আৰু এতিয়া সকলোৱে বাট চাইছে ফলাফললৈ। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে আজি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এগজিট প’ল। য’ত এইবাৰ একাধিক ৰাজ্যত ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভৱনা প্ৰকট হৈ পৰিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখনীয় হৈছে পঞ্জাব। পঞ্জাবত চমকপ্ৰদ উত্থানৰ জৰিয়তে কংগ্ৰেছক ওফৰাই দিয়াৰ সম্ভাৱনা আছে আম আদমী পাৰ্টীয়ে। এগজিট প’লত আজি কথা স্পষ্ট হৈ পৰিছে।

    ‘এক্সিছ মাই ইণ্ডিয়া’ৰ একজিট প'লে পঞ্জাবত ‘আম আদমী পাৰ্টী’য়ে (আপ) মুঠ ভোটৰ ২৮ শতাংশ লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে। তেওঁলোকে ৭৬ৰ পৰা ৯০খন আসন লাভৰ সম্ভাৱনাও ব্যক্ত কৰিছে সমীক্ষাটোত। শাসকীয় কংগ্ৰেছে ২৮ শতাংশ ভোট লাভ লাভ কৰিলেও তেওঁলোকৰ আসন ১৯ৰ পৰা ৩১খনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব।,
    তাৰ পাছত থাকিব ৭-১১ খন আসনৰ সৈতে অকালি দল আৰু ১-৪ খন আসনৰ সৈতে বিজেপি। আভ্যন্তৰীণ কলহত জৰ্জৰিত কংগ্ৰেছৰ এই পতন খুব আশ্বৰ্যকৰ নহ’লেও দলটোৰ বাবে এয়া বৃহৎ আঘাত বিবেচিত হ’ব পাৰে।