• পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

    ৰাজনৈতিক
    পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

    কলকাতা : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ ভাগ ল’ব বচ্চন পৰিয়ালেও! বিজেপিয়ে সৰ্বশক্তিৰে ৰাজ্যখনত ক্ষমতা দখলৰ চেষ্টা কৰা সময়তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছেও এই যুঁজত প্ৰাণপনে অৱতীৰ্ণ হৈছে। এইবাৰ তৃণমূল কংগ্ৰেছৰ হৈ পশ্চিমবংগত প্ৰচাৰ অভিযানত অংশ ল’বলৈ আহিছে দেশৰ সাংস্কৃতিক জগতৰ অপ্ৰমাদী প্ৰতিনিধি বচ্চন পৰিয়ালে। মমতা বেনাৰ্জীৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ’ব ‘লেডী বচ্চন’ জয়া।





    আৰু পঢ়িব পাৰিব : বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত





    প্ৰখ্যাত অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত নিৰ্বাচনত অংশগ্ৰহণৰ বাবে দেওবাৰে কলকাতাত উপস্থিত হয়। ‘বাংলা নিজেৰ মেয়েকেই চাই’ অৰ্থাৎ বংগই নিজৰ কন্যাকেই বিচাৰে শীৰ্ষক তৃণমূলৰ শ্লোগানক জয়া বচ্চনৰ অংশগ্ৰহণে অধিক সমুজ্জ্বল কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, জয়া বচ্চনৰ শিপা প্ৰোথিত হৈ আছে জব্বলপুৰত।





    আৰু পঢ়িব পাৰিব : কাইলৈ ৪০ সমষ্টিৰ ৩৩৭ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা





    ছুপাৰষ্টাৰ অমিতাভৰ সৈতে বিবাহত বহাৰ পাছত তেওঁ বংগ এৰিলেও জয়া বচ্চনৰ ‘ইমেজ’ তৃণমূলৰ কাৰণে লাভদায়ক হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, অমিতাভ বচ্চনেও নিজকে ‘বাংলাৰ জামাই’ অৰ্থাৎ বাংলাৰ জোঁৱাই হিচাপে নিজকে বিভিন্ন সময়ত পৰিচয় দি আহিছে। জয়া বচ্চনে তৃণমূল কংগ্ৰেছৰ তলিগঞ্জৰ প্ৰাৰ্থী তথা তিনিবাৰৰ বিধায়ক অনুপ বিশ্বাসৰ হৈ প্ৰচাৰ চলাব। তেওঁৰ বিৰুদ্ধে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা জনপ্ৰিয় গায়ক বাবুল সুপ্ৰিয়ই।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor