comScore
  • পূৰ্ণগতিত চলিছে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম, নিৰ্মাণস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

    ৰাজনৈতিক
    পূৰ্ণগতিত চলিছে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম, নিৰ্মাণস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

    নতুন দিল্লী : দেওবাৰে সন্ধিয়া আকস্মিকভাৱে নতুন সংসদ ভৱন নিৰ্মাণস্থলীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোৱাড সন্মিলনৰ পৰা ওভতাৰ পাছতে তেওঁ দেওবাৰে সন্ধিয়া বুজ লয় নতুন সংসদ ভৱনৰ নিৰ্মাণৰ অগ্ৰগতিৰ।





    বগা পাইজামা-কূৰ্টা পি তেওঁ সমগ্ৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। মূৰত ছেফটী হেলমেট পিন্ধি তেওঁ ভৱন নিৰ্মাণৰ কাম-কাজৰ বুজ লয়। তেওঁৰ এই পৰিদৰ্শনকালৰ ভালেমান ছবি প্ৰকাশ কৰা হৈছে। তাত দেখা গৈছে তেওঁ নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰি আছে।





    ৯৭১কোটি টকা ব্যয়েৰে এই নতুন সংসদ ভৱন নিৰ্মাণ কৰি থকা হৈছে। প্ৰজেক্ট ভিষ্টাৰ অন্তৰ্গত এই নিৰ্মাণ অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, সংসদ ভৱন নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা প্ৰথমবাৰৰ বাবে মোদীয়ে এই স্থান পৰিদৰ্শন কৰিলে। তেওঁ পৰিদৰ্শনকালত সামগ্ৰিক অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ইয়াৰে জড়িত কাৰিকৰসকলকো উতসাহিত কৰা পৰিলক্ষিত হয়।নতুন সংসদ ভৱন নিৰ্মাণস্থলীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam