ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ আমন্ত্রণ লাভ কৰিলে বৰুণ চক্রৱর্তীয়ে। ইংলিছ বাহিনীৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান পোৱা বৰুণক চেম্পিয়নছ ট্রফীৰ আগেয়ে ৫০ অ'ভাৰৰ ক্ৰিকেটত প্রত্যক্ষ কৰিব খোজে প্রশিক্ষক গৌতম গম্ভীৰে।
বৰুণক দলভুক্ত কৰাৰ বিষয়ে সদৰী কৰে সহঃঅধিনায়ক শুভমন গীলে। ইয়াৰ পূর্বে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫জনীয়া দলত নাছিল বৰুণৰ নাম। নাগপুৰলৈ মাতি পঠিওৱা হৈছে বৰুণক। কলকাতা নাইট ৰাইডাৰ্ছৰ স্পীনাৰ বৰুণক মঙলবাৰে অনুশীলনত নমা দেখা যায়।
নেটত তেওঁ বিৰাট কোহলী, ৰোহিত শর্মা আৰু ঋষভ পণ্টৰ বিৰুদ্ধে বলিং কৰা দেখা পোৱা গ'ল। বৰুণক কি কাৰণত দললৈ আমন্ত্রণ জনোৱা হ'ল সেয়া জানিব পৰা হোৱা নাছিল। দলত ৰবীন্দ্র জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱ থকা সত্ত্বেও বৰুণক অন্তর্ভুক্ত কৰা হয়। অৱশ্যে অনুশীলনৰ পাছত গীলে ৰাজহুৱা কৰে বৰুণৰ অন্তর্ভুক্তিৰ বিষয়ে।
পৰৱৰ্তী সময়ত বি চি চি আয়ে বৰুণক দলভুক্ত কৰাৰ বিষয়ে নিশ্চিত কৰে। উল্লেখযোগ্য যে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাত বৰুণে দখল কৰিছিল ১৪টা উইকেট। উন্নত প্রদর্শন দাঙি ধৰাৰ বাবেই বৰুণে দলত স্থান পাবলৈ সক্ষম হয়।
উৎস: দৈনিক জনমভূমি
Leave A Comment