• পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

    ৰাজনৈতিক
    পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

    গুৱাহাটী : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা কৰিব এইবাৰ নিৰ্বাচনত৷ আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নিটিন খাদেৰে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ পোষ্টেল বেলেট সম্পৰ্কে নিৰ্বাচন আয়োগৰ আয়োজন কৰে এই সংবাদমেলৰ। ক'ৰনা ভাইৰাছ মহামাৰীৰ পাছত সলনি হৈছে পোষ্টেল বেলেটৰ বিশেষ প্ৰক্ৰিয়া৷ তিনিটা কেটেগৰীত পোষ্টেল বেলটযোগে ভোট দিব পাৰিব ভোটাৰে৷





    আৰু পঢ়িব পাৰিব : লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ





    ৮০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে পোষ্টেল বেলটৰ এই বিশেষ সুবিধা প্ৰদান নিৰ্বাচন আয়োগৰ৷ আনহাতে ক'ভিড আক্ৰান্ত লোকে পোষ্টেলযোগে ভোট দিব পাৰিব৷ তাৰ উপৰি বিশেষভাৱে সক্ষম লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা৷ জিলা নিৰ্বাচনী বিষয়াৰ জৰিয়তে তত্ত্বাৱধান কৰা হৈছে এই বিষয়টো৷ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী ঘৰে ঘৰে গৈ এই সুবিধা অৱগত কৰা হৈছে৷ প্ৰথম পৰ্যায়ত ৬ মাৰ্চৰ পূৰ্বে আবেদন জমা দিব লাগিব৷





    আৰু পঢ়িব পাৰিব : প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত





    BLO যে স্বাস্হ্য বিভাগৰ দল লগত লৈ তিনি কেটেগৰীৰ গৃহত উপস্থিত হ'ব৷ অসমত ৮০ৰ ঊৰ্ধ্বৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে৷ বিশেষভাৱে সক্ষম লোক ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ভোটাৰ আছে৷ বৰ্তমানে ৰাজ্যত ক'ভিড আক্ৰান্ত ভোটাৰৰ সংখ্যা ২৮৯জন৷