• পেছাত বিদ্যালয়ৰ চাফাই-কৰ্মী: পঞ্জাবৰ নৱনিৰ্বাচিত বিধায়ক লাভ সিং উগোকেৰ মাতৃয়ে আজিও কৰি গৈছে নিজৰ কৰ

    ৰাজনৈতিক
    পেছাত বিদ্যালয়ৰ চাফাই-কৰ্মী: পঞ্জাবৰ নৱনিৰ্বাচিত বিধায়ক লাভ সিং উগোকেৰ মাতৃয়ে আজিও কৰি গৈছে নিজৰ কৰ

    এন্ধাৰ বাটৰ জোনাকী হৈ উজলিছে লাভ সিং উগোকে


    ডিজিটেল ডেস্ক: মমতাময়ী মাতৃ তেওঁ৷ স্নেহৰ আঁচলেৰে আজিও আৱৰি ৰাখে পুত্ৰক৷ আৱৰ্জনা আঁতৰাই পঢ়াশালি পৰিষ্কাৰ কৰি ৰখাই তেওঁৰ কৰ্তব্য৷ তেওঁৰ দায়িত্ব৷ নিজৰ কৰ্তব্য সম্পাদন আৰু দায়িত্ব পালেনেৰে পুত্ৰক গঢ়ি তুলিলে সামাজিক-ৰাজনৈতিক দায়িত্ব পালনৰ বাবে উপযোগী৷ সদ্যসমাপ্ত পঞ্জাব বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰা আম আদমী পাৰ্টীৰ বিধায়কৰ মাতৃয়ে এতিয়াও চাফাই-কৰ্মী হিচাপে কাম কৰে৷ নৱনিৰ্বাচিত বিধায়ক লাভ সিং উগোকেয়ে বিদায়ী মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক ভাদাউৰ আসনৰ পৰা ৩৭,৫৫০টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷

    আম আদমী পাৰ্টিৰ বিধায়ক লাভ সিং উগোকেৰ মাতৃ বলদেৱ কৌৰে চৰকাৰী বিদ্যালয়ত চাফাই-কৰ্মী হিচাপে কৰ্মৰত, আনকি তেওঁৰ পুত্ৰই পঞ্জাবত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁৰ কাম নিয়াৰিকৈ সম্পাদন কৰি গৈছে৷

    উল্লেখযোগ্য যে, নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে পূৰ্বতে এখন মোবাইলৰ দোকানত মেকানিক হিচাপে কৰ্মৰত আছিল৷ বিধায়কগৰাকীৰ মাতৃ কৌৰে কয়, আমি সদায় টকা উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছোঁ। মোৰ পুত্ৰৰ স্থিতি যিয়েই নহওক, মই বিদ্যালয়ত মোৰ কৰ্তব্য পালন কৰি যাম৷

    আপ প্ৰাৰ্থী হিচাপে তেওঁৰ পুত্ৰৰ নিৰ্বাচনী প্ৰতীক আছিল ‘ঝাড়ু’৷ পুত্ৰৰ বিজয়ত আনন্দিত হৈ মাতৃগৰাকীয়ে কয় যে, ‘ঝাড়ু’ মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ লগতে কয়, যদিও তেওঁ (পুত্ৰ) ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তথাপিও আমি সদায় আত্মবিশ্বাসী আছিলোঁ যে মোৰ পুত্ৰ জিকিব৷

    বিদ্যালয়খনৰে নীতি অমৃত পালে কয়, লাভ সিঙৰ মাতৃয়ে দীৰ্ঘদিন ধৰি এই বিদ্যালয়খনত চাফাই-কৰ্মী হিচাপে হিচাপে কাম কৰি আছে। লাভ সিঙে এই বিদ্যালয়তো পঢ়িছে। তেওঁ তেওঁৰ গাঁও আৰু বিদ্যালয়লৈ বহুতো সন্মান কঢ়িয়াই আনিছে।

    সিঙৰ দেউতাক দৰ্শন সিং, যিয়ে এগৰাকী শ্ৰমিক হিচাপে কৰ্মৰত, তেওঁ কয়, পৰিয়ালটো আগৰ দৰেই জীয়াই থাকিব। তেওঁ বিচাৰে যে তেওঁৰ পুত্ৰই পৰিয়ালৰ পৰিৱৰ্তে মানুহৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়ক। গাঁওখনৰ মানুহে তেওঁক নিৰ্বাচিত কৰিছিল। আমি বিচাৰো যে তেওঁ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি থাকক। আমি আগৰ দৰেই জীয়াই থাকিম৷

    গাঁওবাসীয়ে তেওঁৰ বিজয়ত আনন্দিত হৈ কৈছিল যে তেওঁলোকে এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁলোকে ইমান দিন ধৰি জনা উগোকে এতিয়া বিধায়ক হৈ পৰিছে।