comScore
  • প্ৰচাৰবিমুখ কেৰালা প্ৰথম, প্ৰচাৰমুখী অসম তলত: অসমৰ তুলনা বিহাৰ-ঝাৰখণ্ডৰ সৈতেহে

    ৰাজনৈতিক
    প্ৰচাৰবিমুখ কেৰালা প্ৰথম, প্ৰচাৰমুখী অসম তলত: অসমৰ তুলনা বিহাৰ-ঝাৰখণ্ডৰ সৈতেহে
    ডিজিটেল ডেস্ক: বিশ্বনেতা হ’ব খোজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ শিক্ষা-স্বাস্থ্য-অৰ্থনীতি আদিৰ ভাল উদাহৰণ দেখুৱাবলৈ হ’লে উত্তৰ প্ৰদেশ বা গুজৰাটলৈ নিব নোৱাৰিব। ইয়াৰ বাবে তেওঁ দাঙি ধৰিব লাগিব আন কেইখনমান ৰাজ্যৰ উদাহৰণহে। কেৰেলা হৈছে এনে কেইখনমান ৰাজ্যৰ এখন। উন্নয়নৰ ঢাক-ঢোল বজাই থকা গুজৰাট, উত্তৰ-প্ৰদেশ কিম্বা অসমতো স্বাস্থ্য, শিক্ষা আৰু অৰ্থনীতিৰ পুতৌ লগা অৱস্থা।

    তথাপিও সততে উন্নয়নৰ কথা কোৱা, নানা বিতৰ্কিত মন্তব্যৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম হৈ থকা নেতাই প্ৰতিনিধিত্ব কৰা ৰাজ্য কেইখনৰ বিধ্বস্ত ৰূপে হতচকিত কৰি তুলিছে দেশবাসীক। সংসদত বাজেট উত্থাপন কৰা পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰিছিল ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। নিটি আয়োগৰ প্ৰতিবেদনৰ আধাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰস্তুত কৰিছিল এই সমীক্ষা। চৰকাৰী এই সমীক্ষাত অসমৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো নিৰ্লজভাৱে ধৰা পৰিছে।

    ইমানদিনে অসমৰ মুখ্যমন্ত্ৰী আৰু শাসকীয় বিজেপি দলৰ প্ৰায় সকলো নেতা মন্ত্ৰীয়ে অসমে উন্নতিৰ চৰম শিখৰত উপনীত হোৱাৰ কথা কৈ আহিলেও প্ৰকৃততে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সৈতেই অসমে ফেৰ মাৰিবলৈ সক্ষম নহ’ল এই কথা নিৰ্মলা সীতাৰামনৰ অৰ্থনৈতিক সমীক্ষাত স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অৰ্থাত্ ইমানদিনে অসমৰ মুখ্যমন্ত্ৰী আৰু আন নেতা-পালিনেতাসকলে অসমৰ জনসাধাৰণক ভুৱা তথ্যৰে বিপথে পৰিচালিত কৰি আহিছে, সেই কথা চৰকাৰী সমীক্ষাত ওলাই পৰিল।
    আনফালে কোনো ধৰণৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব নিদি নিৰৱে কাম কৰি যোৱা কেৰেলাই চৰকাৰী এই সমীক্ষাত শীৰ্ষ স্থানাৰোহণ কৰিছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এক অনাড়ম্বৰ জীৱন যাপন কৰা শীৰ্ষ স্থান প্ৰাপ্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন ভাৰতৰে বহু লোকৰ বাবে অপৰিচিত। বিজেপি-কংগ্ৰেছকে ধৰি সো-পন্থী নেতাৰ চকুৰ কূটা-দাঁতৰ শাল স্বৰূপ কমিউনিষ্ট নেতাজনে কিদৰে ৰাজ্যখনক ভাৰতৰ বাবে আদৰ্শ কৰি তুলিলে সেই কথা এতিয়া চৰ্চাৰ নিলগত।

    অৰ্থনৈতিক সমীক্ষা, ২০২১-২২ এ সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত বহু কেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে। কেৱল প্ৰদৰ্শনকামিতাই এখন ৰাজ্যক উন্নতিৰ দিশে লৈ নাযায়। তেনে ক্ষেত্ৰত ৰাজ্যৰ অৱস্থা চিন্তা নকৰি যোগী আদিত্যনাথকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি উদ্দেশ্যে উন্নয়ণৰ ঢাক-ঢোল বজাই কেৱল প্ৰচাৰতে গুৰুত্ব দি আছে? এনেকৈ দেশৰ আন্তঃগাঁঠনি আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ’বনে? কেৱল প্ৰচাৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বনেতা হ’ব পাৰিবনে? এনেবোৰ প্ৰশ্ন এতিয়া জনসাধাৰণৰ মনত। প্ৰচাৰ বিমুখ হৈয়ো নিৰৱে উন্নয়ণৰ জখলা কিদৰে বগাব পাৰি সেই আদৰ্শ ডাঙি ধৰি কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন সম্প্ৰতি সকলোৰে মনত নায়ক সদৃশ হৈ পৰিছে।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam