• প্ৰশান্ত কিশোৰে চলাইছে ৰিম’ট: কংগ্ৰেছ এৰি তৃণমূলত শত্ৰুঘ্ন সিনহা

    ৰাজনৈতিক
    প্ৰশান্ত কিশোৰে চলাইছে ৰিম’ট: কংগ্ৰেছ এৰি তৃণমূলত শত্ৰুঘ্ন সিনহা
    ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ ৰাজনীতিক শত্ৰুঘ্ন সিনহাই শেহতীয়াকৈ যোগদান কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত৷ ২০১৯ত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা সিনহাই ১৫ মাৰ্চত যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত৷ শত্ৰুঘ্ন সিনহাই তৃণমূলত যোগদান কৰাৰ পাছৰে পৰা সলনি হৈছে কলকাতাৰ ৰাজনৈতিক প্ৰেক্ষাপট৷

    শত্ৰুঘ্ন সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা৷ সিনহাই কিয় কংগ্ৰেছ এৰিছিল বুলি সোধাত শত্ৰুঘ্ন সিনহাই কয় যে, দলত তেওঁৰ বাবে কি ভুল হৈছিল সেই বিষয়ে কথা পাতিবলৈ তেওঁ নাভাবে।

    শেহতীয়াকৈ কংগ্ৰেছৰ পৰা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছলৈ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰা শত্ৰুঘ্ন সিনহাই আজি কয় যে, নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাই তেওঁৰ ক্ৰছঅ’ভাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

    শত্ৰুঘ্ন সিনহাই কয়, মমতা বেনাৰ্জীৰ দলত যোগদান কৰাতো মোৰ বাবে এটা ডাঙৰ সন্মান আৰু সুযোগ আছিল। তেওঁৰ দলে মোক বিচাৰিছিল, তেওঁ টুইট কৰিছিল যে মই তৃণমূলত থাকিব লাগে আৰু আছানচোল সংসদীয় সমষ্টিৰ পৰা যুঁজ দিব লাগে। এইক্ষেত্ৰত মোৰ ডাঙৰ ভাইটি যশৱন্ত সিনহা আৰু প্ৰশান্ত কিশোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

    প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, মই সংকটৰ সময়ত কংগ্ৰেছক সমালোচনা কৰিব নিবিচাৰো৷ বিগত বৰ্ষত বিজেপি ত্যাগ কৰি টিএমচিত যোগদান কৰাৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই আছানচোল আসনখন খালী কৰিছিল।