• বিজেপিত আৰম্ভ বিসম্বাদ, বিদ্ৰোহ! ৰাজেন গোহাঁইৰ বিস্ফোৰণ

    ৰাজনৈতিক
    বিজেপিত আৰম্ভ বিসম্বাদ, বিদ্ৰোহ! ৰাজেন গোহাঁইৰ বিস্ফোৰণ
    ডিজিটেল ডেস্কঃ বিজেপিৰ ভিতৰচ’ৰাত প্ৰকৃততে কি ঘটিছে? একাংশ লবীয়ে বিজেপিত এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিছে নেকি? কিয়নো বিজেপিত এতিয়া যেন দলৰ পুৰণি নেতাসকলৰ কোনো স্থান নাই। সেই কথা সত্যতা প্ৰমাণ কৰিলে বিজেপিৰ এজন জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইৰ অভিযোগ অনুসৰি, বিজেপিত বৰ্তমান পুৰণি নেতা-কৰ্মীৰ কোনো স্থান নাই। আন দলৰ পৰা অহা নেতা-কৰ্মীয়ে বিজেপিত এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিছে।

    যাৰ বাবে এতিয়া দলৰ পুৰণা নেতাসকল এক প্ৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে। ৰাজেন গোহাঁইয়ে এই প্ৰসংগ উত্থাপন কৰাৰ পাছতে তেওঁক এতিয়া বিজেপিৰ একাংশ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ৰাজেন গোহাঁইক মুকলিভাৱে প্ৰত্যাহ্বান জনায়। বঢ়মপুৰৰ বিধায়কজনে ৰাজেন গোহাঁইক প্ৰকৃততে আৰু কি পদবী লাগে বুলিও কৰ্টাক্ষ কৰে। বিজেপিয়ে তেওঁক বহুত দিলে, চাৰিবাৰকৈ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী সকলোখিনি তেওঁ বিজেপিৰ পৰা পাইছে।

    তাৰোপৰি বিধায়কজনে এতিয়া তেওঁক মুখ্যমন্ত্ৰী বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদ লাগে নেকি ৰাজেন বুলি গোহাঁইলৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয় যে, ৰাজেন গোহাঁইক যদি সঁচাকৈয়ে কিবা লাগে তেনেহ’লে মুখ্যমন্ত্ৰীক অৱগত কৰক, নাইবা সভাপতিক অৱগত কৰক, এনেদৰে মুকলি বিদ্ৰোহ কৰাতো অনুচিত বুলি মত ব্যক্ত কৰে।

    কিন্তু বিজেপিত ৰাজেন গোহাঁইৰ অনা এই অভিযোগ নতুন নহয়, পূৰ্বতেও এনে অভিযোগ আন বহুতো নেতা-কৰ্মীয়ে মুকলিকৈ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যিক বিজেপিত সঁচাকৈয়ে এক লবীয়ে কাৰ্য কৰি আছে নেকি, সঁচাকৈয়ে বিজেপিত পুৰণা নেতা-কৰ্মীৰ স্থান নাই নেকি?

    bfc banner