comScore
  • বিজেপি-আৰএছএছ-এ দেউলীয়া কৰিছে দেশ : অখিলৰ বিস্ফোৰণ

    ৰাজনৈতিক
    বিজেপি-আৰএছএছ-এ দেউলীয়া কৰিছে দেশ : অখিলৰ বিস্ফোৰণ

    গুৱাহাটী: ৬ লাখ কোটি আহৰণৰ বাবে সম্পদ বিক্ৰী কৰাত লাগিছে বিজেপি চৰকাৰে। বিজেপি-আৰএছএছেয়ে দেউলীয়া কৰিছে দেশ। ৯০খন যাত্ৰী, ১৫খন ৰে’ল ষ্টেডিয়াম, ৭৪১ ৰে’ল পৰিসৰ বিক্ৰীৰ চেষ্টা কৰিছে চৰকাৰে। বিজেপি চৰকাৰৰ দিনত দেশ অৰ্থনৈতিকভাৱে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷ এই বিস্ফোৰক মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ আজি মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি ৰাইজৰ দলৰ মুৰব্বীগৰাকীয়ে কয়, বিজেপিৰ ৩টা মহা অভিশাপ-- বিমুদ্ৰাকৰণ, জি এছ টি আৰু অপৰিকল্পিত লকডাউন।





    এনে অপৰিকল্পিত পদক্ষেপৰ বাবেই হোটেল ব্যৱসায়ীৰ পৰা পৰ্যটন বিভাগলৈ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। দেশ দেউলীয়া হোৱাৰ কাৰণে সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদী জগৰীয়া বুলিও তেওঁ প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ২৪ শতাংশলৈ হ্ৰাস পাইছে বুলিও মন্তব্য কৰে তেওঁ৷ লগতে, বিজেপিৰ হাতত দেশ কোনো কাৰণতে সুৰক্ষিত নহয় দেশ বুলিও মন্তব্য কৰে তেওঁ।





    সাম্প্ৰদায়িক আৰু বিভেদকামী ৰাজনীতিৰ পৰা মুক্তি লাগে বুলিও ৰাইজক গোহাৰি জনায় বিধায়কগৰাকীয়ে। মোদীৰ আমোলত সংবাদ মাধ্যম চৰকাৰী প্ৰচাৰযন্ত্ৰৰ নিচিনা হৈছে বুলিও তেওঁ অভিযোগ কৰে। মোদী চৰকাৰে সংবাদ মাধ্যমক দূৰদৰ্শনৰ দৰে কৰি পেলোৱা বুলিও তেওঁ অভিযোগ কৰে। নৰেন্দ্ৰ মোদীৰ শাসনত দেশত আটাইতকৈ বেয়া দিন আহিল বুলিও অভিযোগ কৰে অখিলে৷


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam