International
Digital Desk : Pakistani airstrikes on eastern Afghanistan claimed 46 lives mostly women and children on Wednesday. The airstrikes in Afghanistan's Barmal district of Paktika province has left six people injured.
ডিজিটেল ডেস্কঃ বিটিচিৰ দুদিনীয়া শৰতকালীন অধিৱেশন আজি সম্পন্ন হ’ল। অধিৱেশনৰ দ্বিতীয় দিন অৰ্থাৎ শেষ সদনত শাসকীয় দল আৰু বিৰোধী দলৰ উপস্থিতিত বিভিন্ন বিষয়ৰ ওপৰত বহলাই আলোচনা কৰা হয়। আজিৰ সদনত পাঁচখন বিধেয়ক গৃহীত হয়, তাৰ মাজত আছে ক্ৰমে ‘Bodoland Central Selection Board Bill 2021’, ‘Bodoland Market & Fairs(Management & Control) Bill 2021’, ‘ BTC Revolving Fund (Forest & Wildlife) Rules 2021’, ‘Bodoland Medical Attendance Bill 2021’, ‘Bodoland Legal Meteorology (Enforcement) Bill 2021’। বিৰোধী দলৰ পৰা উত্তাপিত প্ৰশ্নকালীন সদনত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সদনত সদৰী কৰা মতে বডোলেণ্ডৰ বনাঞ্চল সংৰক্ষিত কৰা স্বাৰ্থত বনসংৰক্ষণ বাহিনী (Forest Protection Force) গঠন কৰা পৰিকল্পনা বিভাগে গ্ৰহণ কৰিছে।
বিটিচিত ইতিমধ্যে মুঠ ৫৮টা বালিৰ মহলৰ অনুমতি প্ৰদান কৰা হৈছে। বন বিভাগৰ পৰা বিগত বৰ্ষত মুঠ ২১ কোটি ধন ৰাজহসংগ্ৰহ কৰিব পাৰিলে। সদনত শাসকীয় দলৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োৱে অধিৱেশন চলি থকাৰ মাজতে পৰ্বতঝৰা পৰিষদীয় সদস্য মুনমুন ব্ৰহ্মই সামাজিক মাধ্যমত বিটিআৰ প্ৰধান বড়ো আৰু উপ-প্ৰধান গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নামলৈ তুলুঙা মন্তব্য কৰাৰ ওপৰত সদনত উত্থাপন কৰাত অধ্যক্ষ-এ Rule 52 অনুসৰি পৰিষদীয় সদস্যৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদনত ঘোষণা কৰে। বিটিচিত বিভিন্ন বিভাগত দীৰ্ঘদিনীয়াকৈ কৰি অহা মুঠ ৪৭৯ জনৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰিব লাগে বুলি সদনত উত্থাপন কৰে বিৰোধী দলৰ নেতা দেৰহাসাৎ বসুমতাৰীয়ে। সমান্তৰালকৈ দেৰহাসাৎ বসুমতাৰীৰ পৰিষদীয় সমষ্টি চালাখাটি অঞ্চলত নিৰ্মাণ কৰিবলৈ লোৱা বডোলেণ্ড ক্ৰীড়া মহাবিদ্যালয় অতিশীঘ্ৰে নিৰ্মাণ কৰিব লাগে বুলি সদনত দাবী উত্থাপন কৰে বিৰোধী দলপতি বসুমতাৰীয়ে।
প্ৰমোদ বড়ো এজন মিছলীয়া, কাৰণ ভুৱা সংঘৰ্ষত মৃত্যু হোৱা জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ পৰিয়ালক বি টি আৰ চৰকাৰৰ পৰা চৰকাৰীভাৱে আৰ্থিক অনুদান দিয়া বুলি কালি অধিৱেশনত জনাইছিল, কিন্তু আজি ভুক্তভোগি পৰিয়ালক খবৰ লৈ গম পোৱা গৈছে যে শ্ৰাদ্ধ পাতিবলৈ দলৰ পৰাহে ১ লাখকৈ আৰ্থিক সহায় দিছে। বি টি আৰ চৰকাৰৰ সময়ছোৱাত ইতিমধ্যে বিভিন্ন বিভাগত মুঠ ১৫৯ কোটি টকা ‘Supply’ত ব্যবহাৰ কৰিছে বুলি অভিযোগ তোলে বিৰোধী দল নেতাগৰাকীয়ে। আজি অধিৱেশনৰ অন্তিম দিনাও উপস্থিত নাথাকিলে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী। পুৱা দহ বজাৰ পৰা আৰম্ভ হৈ ১ বজালৈকে তিনিঘণ্টীয়া অধিৱেশন চলি থকাৰ সময়তে বিৰোধী দলপতি দেৰহাসাৎ বসুমতাৰীয়ে মন্তব্য ৰখা সময়ত শিক্ষকৰ দৰে আমাক বুজাব নালাগে বুলি প্ৰমোদ বড়োৱে কোৱাত সদন ত্যাগ কৰে বিৰোধী দলে, লগে লগে সদন স্থগিত ৰাখিব লগা হয় অধ্যক্ষই।
Leave A Comment