• বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি: জিডিপি হৈছেগৈ ০.৯৫ শতাংশ, অসমত জনমূৰি ঋণৰ বোজা ২৩,৬১১ টকা

    ৰাজনৈতিক
    বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি: জিডিপি হৈছেগৈ ০.৯৫ শতাংশ, অসমত জনমূৰি ঋণৰ বোজা ২৩,৬১১ টকা
    ডিজিটেল ডেস্ক: অসম চৰকাৰে বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰাবাহিকভাৱে ঋণ লৈ থকাৰ সময়তে বছৰি বছৰি বাঢ়িছে জনমূৰি ঋণৰ পৰিমাণ৷ ৰাজ্যৰ জনসাধাৰণৰ জনমূৰি আয় সামান্য বৃদ্ধি পোৱাৰ বিপৰীতে জনমূৰি ঋণৰ পৰিমাণ অধিক বৃদ্ধি হৈছে৷ ২০১৫-১৬ বিত্তীয় বৰ্ষত এজন ব্যক্তিৰ জনমূৰি উপাৰ্জন ৬০,৮১৭ টকাৰ বিপৰীতে ঋণৰ পৰিমাণ আছিল মাত্ৰ ১০,৭৬০ টকা৷ একেদৰে, ২০১৯-২০ বিত্তীয় বৰ্ষত জনমূৰি উপাৰ্জন ৯৬,২৪০ টকালৈ বৃদ্ধি হ’ল যদিও জনমূৰি ঋণৰ পৰিমাণো ১৯,৩৪১ টকালৈ বৃদ্ধি হ’ল৷

    সেই বৰ্ষটোৰ তুলনাত চলিত বিত্তীয় বৰ্ষত জনমূৰি উপাৰ্জনৰ পৰিমাণ ৯৫,৩০৯ টকালৈ হ্ৰাসহে হ’ল কিন্তু ঋণৰ পৰিমাণ এটা বছৰতে ৪,২৭০ কোটি টকালৈ বৃদ্ধি হয়৷ ৰাজ্য চৰকাৰে লৈ থকা ঋণৰ বাবেই অসমৰ এজন ব্যক্তিৰ জনমূৰি ঋণৰ বোজা হৈছেগৈ ২৩,৬১১ টকা৷

    ৰাজ্য চৰকাৰে লোৱা ঋণৰ বাবত প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত ঋণৰ বোজাৰ এই তথ্য কালি বিধানসভাত সদৰী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ বিধানসভাৰ মজিয়াত অজন্তা নেওগে দাখিল কৰা তথ্য-পাতিয়েই উন্মোচন কৰিলে ৰাজ্যৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ বাস্তৱ ছবিখন৷ অসমত কংগ্ৰেছ চৰকাৰ চলি থকা সময়ৰ তুলনাত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ৰাজ্যখনৰ অভূতপূৰ্ব বিকাশৰ চমকপ্ৰদ প্ৰচাৰ চলাই থকাৰ সময়তে বিত্ত বিভাগৰ তথ্যই বিজেপিৰে ভুৱা আৱৰণ আৰু মিথ্যা উদঙাই দিলে৷

    বিগত পাঁচ বছৰত ঋণৰ পৰিমাণো বৃদ্ধি হ’ল আৰু ৰাজ্যখনত জিডিপি বৃদ্ধিৰ হাৰো পূৰ্বৰ তুলনাত হ্ৰাস পালে৷ উদাহৰণস্বৰূপে, ২০১৫-১৬ বৰ্ষত ৰাজ্যৰ জিডিপি ১৬.৪৭ শতাংশ বৃদ্ধি হৈছিল যদিও ২০২০-২১ বৰ্ষত সেই বৃদ্ধিৰ হাৰ ০.৯৫ শতাংশ৷ একমাত্ৰ ২০১৯-২০ বৰ্ষতহে জিডিপি বৃদ্ধিৰ হাৰ ২২ শতাংশ হৈছিল৷ ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত জিডিপি বৃদ্ধিৰ শতাংশ আছিল ক্ৰমে ১১.৫৬ শতাংশ, ৯.৫৯ শতাংশ আৰু ১০.৯৯ শতাংশহে৷ অৰ্থাৎ, এয়া কংগ্ৰেছ চৰকাৰৰ তুলনাত কম৷ তথ্যমতে, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যখনলৈ কেন্দ্ৰীয় পুঁজি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত ক্ৰমাগত বৃদ্ধি হোৱা সত্ত্বেও বাৰ্ষিক ঋণ সংগ্ৰহৰ পৰিমাণহে বৃদ্ধি পালে৷

    এতিয়া ঋণৰ বোজাত কোঙা হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতিৰ পৰিকাঠামো৷ বিজেপিশাসিত ৰাজ্য চৰকাৰখনে ভোটৰ স্বাৰ্থত হিতাধিকাৰীক সন্তুষ্ট কৰি ৰাখিবলৈ গ্ৰহণ কৰিছে ঋণ৷ আৰু বৃদ্ধি হৈ গৈ আছে জনমূৰি ঋণৰ বোজা৷ এনেকৈয়ে চলিছে চৰকাৰ৷ ভাগি পৰা অৰ্থনীতিৰ বুকুত চলিছে প্ৰচাৰ আৰু চমকৰ ৰাজনীতি৷