• বিশ্বনাথৰ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ

    ৰাজনৈতিক
    বিশ্বনাথৰ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ

    গুৱাহাটী : অসম ভ্ৰমণৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীক দেখা গ'ল অন্য ৰূপত৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে চাহ পাত ছিঙি বাৰ্তালাপ কৰে শ্ৰমিকসকলৰ সৈতে৷ বিশ্বনাথৰ ‘সাধুৰু চাহ বাগিচা’ত আজি এনেদৰে দেখা গ'ল।





    আৰু পঢ়িব পাৰিব : ভেৰগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱঃ ৭ পৰিয়ালৰ ক্ষতিসাধন





    আজি প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন৷ আজি বিশ্বনাথ আৰু তেজপুৰত প্ৰিয়ংকাৰ কাৰ্যসূচী৷ বিশ্বনাথত বাগিচাৰ শ্ৰমিকৰ সৈতে প্ৰিয়ংকাই বাৰ্তালাপ কৰে৷ বিশ্বনাথৰ পৰা তেজপুৰলৈ যায় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী৷





    আৰু পঢ়িব পাৰিব : ‘সোণৰ অসম’ৰ চালকে মহটিয়ালে কণ্ডাক্টৰক





    তেজপুৰৰ বিশাল সমাৱেশত অংশ লয় তেওঁ৷ ‘মহাভৈৰৱ মন্দিৰ’তো আশিস লয় প্ৰিয়ংকা গান্ধীয়ে৷ হজৰা ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ জনসভা৷ বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটায় তেওঁ৷