comScore
  • বিষয় মডেল স্কুল : গুজৰাটৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান মনীষ ছিছোদিয়াৰ

    ৰাজনৈতিক
    বিষয় মডেল স্কুল : গুজৰাটৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান মনীষ ছিছোদিয়াৰ
    ডিজিটেল ডেস্ক : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছোদিয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু জিতু বাঘানীক কেজৰিৱাল চৰকাৰৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে৷ লগতে, তেওঁ কয় যে গুজৰাটলৈ গৈয়ো তেওঁ একেটা কামকে কৰিব। আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কালি গুজৰাটৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ৰাজ্যখনৰ শিক্ষামন্ত্ৰী জিতু বাঘানীক দিল্লী বনাম গুজৰাটৰ আদৰ্শ বিদ্যালয়সমুহৰ ওপৰত দূৰদৰ্শনত মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায়।

    মনীষ ছিছোদিয়াৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰত বাঘানীয়ে এক বিবৃতি জাৰি কৰি আপক ‘মিডিয়া ট্ৰায়েল’ চলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে৷ গুজৰাট বিজেপিৰ টুইটাৰ হেণ্ডেলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এখন ‘মৰ্ফড’ (কেৰিকেচাৰ) ফটো পোষ্ট কৰাৰ পাছত আৰু নতুন দিল্লীত চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰা চলি থকা ধৰ্ণা প্ৰতিবাদক লৈ তেওঁৰ চৰকাৰক সমালোচনা কৰাৰ পাছত ছিছোদিয়া আৰু বাঘানীৰ মাজত বাকযুদ্ধ আৰম্ভ হয়।

    ছিছোদিয়াই কয়, বিগত দুদিন ধৰি বিজেপি গুজৰাট দলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰ আৰু তেওঁলোকৰ বিদ্যালয়সমূহৰ বিষয়ে যথেষ্ট টুইট কৰি আহিছে। মই গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী জিতু বাঘানীক কৈছোঁ যে গণতন্ত্ৰৰ বাবে বিতৰ্ক স্বাস্থ্যকৰ, সেয়েহে কেজৰিৱাল চৰকাৰৰ বিগত সাত বছৰত বিকশিত দিল্লীৰ আদৰ্শ বিদ্যালয় আৰু ২৭ বছৰত বিজেপিয়ে বিকশিত কৰা গুজৰাটৰ আদৰ্শ বিদ্যালয়সমূহৰ মাজত তুলনা হোৱা উচিত৷

    তেওঁ লগতে কৈছিল যে গুজৰাটৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ‘শিক্ষাৰ আৰ্হি’ এক নিৰ্বাচনী ইচ্ছ্যু হ’ব। এইবাৰ গুজৰাটত শিক্ষাৰ আৰ্হিৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। মানুহে ভাবিব লাগিব যে তেওঁলোকে তেওঁলোকৰ সন্তানক কেনে ধৰণৰ শিক্ষা দিব বিচাৰে। মই ভাবো এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা কৰা কামৰ তুলনা গণতন্ত্ৰৰ এক অতি সুন্দৰ ধাৰণা আৰু গুজৰাট আৰু ভাৰতৰ শিশুসকলৰ বাবেও অপৰিহাৰ্য৷

    বাঘানীয়ে তেওঁৰ বিবৃতিত কয়, গুজৰাট এনে এক যুদ্ধক্ষেত্ৰ নহয় য’ত কোনোবাই তেওঁলোকৰ ‘হিৰোগিৰি’ প্ৰদৰ্শন কৰিব পাৰে৷ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ২০১৪ আৰু ২০১৯ত ২৬খন লোকসভা আসনত জয়লাভ কৰিছিল। দিল্লীত ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত আপৰ ফলাফল কি আছিল বুলি প্ৰশ্ন কৰে জিতু বাঘানীয়ে৷
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet