• ব্ৰেণ্ড মোদী এতিয়াও শক্তিশালী! গুজৰাট দখলৰ চেষ্টা আৰম্ভ কেজৰিৱালৰ

    ৰাজনৈতিক
    ব্ৰেণ্ড মোদী এতিয়াও শক্তিশালী! গুজৰাট দখলৰ চেষ্টা আৰম্ভ কেজৰিৱালৰ
    ডিজিটেল ডেস্ক : আজি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা উপনিত হৈছে শেষ পৰ্যায়ত৷ ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত নিজৰ ক্ষমতা বজাই ৰাখিবলৈ সাজু হোৱা দেখা গৈছে৷ আনহাতে, আম আদমী পাৰ্টীয়ে পঞ্জাবত এক ঐতিহাসিক জয়ৰ দিশে আগবাঢ়িছে৷ মণিপুৰ আৰু গোৱাত বিজেপি এতিয়ালৈকে একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। এই জয়েৰে ব্ৰেণ্ড মোদী যে এতিয়াও শক্তিশালী সেয়া প্ৰমাণ হৈছে৷

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী

    মহামাৰী ক'ভিডত হাজাৰ হাজাৰ লোকৰ প্ৰাণ হেৰুওৱা তথা প্ৰচুৰ অৰ্থনৈতিক দুৰ্দশাৰ সৃষ্টি কৰি বছৰজোৰা কৃষক আন্দোলনৰ পৰিণতিৰ পাছতো মোদী হৈ পৰিছে একোটা ব্ৰেণ্ড৷ যদিও বিজেপিৰ চাৰিখন ৰাজ্যতে মুখ্যমন্ত্ৰী তথাপি আটাইকেইখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বিধানসভা নিৰ্বাচনত দলটোৰ প্ৰতি ভোটাৰত আকৃষ্ট কৰা দেখা গৈছিল।

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথইতিহাস ৰচনা


    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ইতিহাস ৰচনা কৰি সম্পূৰ্ণ পাঁচ বছৰ কাৰ্যকাল পাৰ কৰাৰ পাছত পুনৰ ক্ষমতা বজাই ৰখা ৰাজ্যখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিছে স্বীকৃতি। ১৯৮৫ চনৰ পাছত এইটো প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশত এটা নিৰ্বাচনত চৰকাৰ পুনৰাবৃত্তি হৈছে।

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী

    ইপিনে পঞ্জাবত আপৰ বিজয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। আপ দেশৰ একমাত্ৰ আঞ্চলিক দল যিয়ে এখনতকৈ অধিক ৰাজ্য দিল্লী আৰু পঞ্জাবত চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিব। পঞ্জাবৰ ফলাফলে আপক ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ বাবে এক প্ৰকৃত বিকল্প হিচাপে থিয় দিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, এতিয়া কেজৰিৱালে গুজৰাটৰ ওপৰত চকু ৰাখিব, য'ত ১৯৯৫ চনৰ পৰা কংগ্ৰেছ জয়ী হোৱা নাই। গুজৰাট আৰু হিমাচল প্ৰদেশত বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব৷ আপে পঞ্জাব বিজয়ক আগত ৰাখি এই দুখন ৰাজ্যতো নিজৰ স্থিতি সবল কৰাৰ চেষ্টা চলাব৷