• মন্ত্ৰিত্ব নাপাই ভাগি পৰিছে ফণীভূষণ

    ৰাজনৈতিক
    মন্ত্ৰিত্ব নাপাই ভাগি পৰিছে ফণীভূষণ

    অসন্তুষ্টিত ক্ষোভ চৰিছে


    ডিজিটেল ডেস্কঃ অসমত আঞ্চলিকতাবাদৰ উত্থান হ’বই! এইদৰে সাংবাদিকৰ সন্মুখত মন্তব্য কৰিছিল অগপ নেতা ফণীভূষণ চৌধুৰীয়ে৷ ফণীভূষণ চৌধুৰীয়ে হঠাতে আঞ্চলিকতাবাদক লৈ ইমান আশাবাদী হোৱাৰ কাৰণ কি? ফণীভূষণ চৌধুৰীয়ে অগপৰ উত্থান হ’ব বুলি কোৱা নাই, কৈছে আঞ্চলিকতাবাদৰ উত্থান হ’ব বুলি৷ প্রাক্তন মন্ত্ৰী তথা অগপ নেতাগৰাকীয়ে কৰা এই মন্তব্যৰ আঁৰত দুটা প্ৰধান কাৰণ জড়িত হৈ আছে। ইয়াৰ প্রথম কাৰণটো হ’ল, বিজেপি নেতৃত্বাধীন চৰকাৰখনে এবছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে যদিও ফণীভূষণ চৌধুৰীক এই পৰ্যন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নাই। ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখন গঠন হোৱাৰ পাছত যিখন মন্ত্ৰীসভা গঠন কৰা হৈছিল, তাত অগপৰ ফণীভূষণ চৌধুৰী অন্তৰ্ভুক্ত হ’ব বুলি বৰ আশা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিগৰাকীকহে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে।

    ফণীভূষণ চৌধুৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লাগে বুলি অগপ সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰীক কৈছিল যদিও মুখ্যমন্ত্ৰীয়ে অগপৰ দুগৰাকীকহে ল’ব বিচাৰিলে। তেতিয়া সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই তেওঁলোক দুজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্তি কৰাই ফণীভূষণ চৌধুৰীক ভৱিষ্যতলৈ থৈ দিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বৰ্ষপূৰ্তিত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব বুলি ঘোষণা কৰিছিল। মে’ মাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটালে ফণীভূষণ চৌধুৰীক মন্ত্ৰীসভাত অন্তর্ভুক্ত কৰিব নে, নাই, নিশ্চিত নহয়। মুখ্যমন্ত্ৰীয়ে অগপৰ পৰা তৃতীয়গৰাকী বিধায়কক মন্ত্ৰী কৰিব নে নাই, সেয়াও নিশ্চিত নহয়। এই খং আৰু ক্ষোভতহে ফণীভূষণ চৌধুৰীয়ে অসমত আঞ্চলিকতাবাদৰ উথান ঘটিব বুলি কৈছিল।



    ফণীভূষণ চৌধুৰীয়ে দ্বিতীয় যিটো কাৰণত অসমত আঞ্চলিকতাবাদৰ উত্থান হ’ব বুলি কৈছিল, সেই কাৰণটো হ’ল-ন মাহে চৰকাৰ আৰু মিত্ৰজোঁটত অগপৰ গুৰুত্ব তেনেই সীমিত হৈ পৰিছে। ঠিক ঘৰজোঁৱাইৰ দৰে অৱস্থা হৈছে অগপৰ। দিন-ৰাতি বিজেপি নেতা-কৰ্মীসকলে অগপক গুৰুত্ব দিয়াৰ সলনি অৱহেলা কৰাৰ অভিযোগ আছে। বিজেপিৰ বেছিভাগ নেতা-কৰ্মীয়ে এনে এক মনোভাব পোষণ কৰিবলৈ লৈছে যে বিজেপিৰ অনুগ্ৰহতহে অগপ জীয়াই আছে। অগপৰ নিজাকৈ কোনো শক্তি আৰু ভেটি নাই বুলি বিজেপিয়ে ৰাজহুৱাভাৱে মন্তব্য কৰিবলৈ সংকোচ নকৰে। গতিকে অগপক বিজেপিয়ে পুহি ৰখা বুলি এটা ধাৰণা ৰাইজৰ মাজত ইতিমধ্যে বিয়পি পৰিছে।



    তদুপৰি পৌৰ নিৰ্বাচনত অগপই নিজৰ ইচ্ছামতে প্ৰাৰ্থী মনোনীত কৰিব পৰা নাই। আনকি কোনে, ক’ত নিৰ্বাচন খেলিব, সেয়া বিজেপিয়ে ঠিক কৰিছে। এটা সহযোগী দলৰ এই অৱস্থা অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰীয়ে অৱশ্যে অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিগৰাকীক গুৰুত্ব দিয়া যেন দেখুৱাই যদিও বাস্তৱত আঞ্চলিক দলটোক এনে এক অৱস্থালৈ ঠেলি দিছে, য’ত অগপই নিজ ইচ্ছামতে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱৰা হৈছে। উল্লেখযোগ্য যে অগপৰ ভেটিত বিজেপিৰ এই আগ্ৰাসন সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে মন্ত্রিত্বৰ বিনিময়ত মানি লৈছে যদিও দল আৰু চৰকাৰত অৱহেলিত ফণীভূষণ চৌধুৰীয়ে হজম কৰিব পৰা নাই। মূলতঃ এই দুটা কাৰণতে ফণীভূষণ চৌধুৰীয়ে বিজেপিক নস্যাৎ কৰি অসমত আঞ্চলিকতাবাদৰ উত্থান হ’বই বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছে।

     

    প্রসংগক্ৰমে উল্লেখযোগ্য যে সম্প্ৰতি ভাৰতবৰ্ষত বিজেপিৰ সন্মুখত কংগ্ৰেছৰ সলনি আঞ্চলিক দলসমূহে প্ৰত্যাহ্বান হিচাপে দেখা দিছে। একেদৰে বিভিন্ন ৰাজ্যত বিজেপিয়ে আঞ্চলিক দলৰ সহযোগত চৰকাৰ গঠন কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষত আঞ্চলিক দলৰ ৰাজনীতি প্ৰাসংগিক হৈ উঠিছে। উদাহৰণস্বৰূপে অসমতে বিজেপিয়ে অগপৰ সহযোগত চৰকাৰ কৰিছে। নাগালেণ্ড আৰু মেঘালয়তো বিজেপি আঞ্চলিক দলৰ চৰকাৰৰ অংশীদাৰ হৈ আছে। অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত একেৰাহে তৃতীয়বাৰলৈ আঞ্চলিক দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে। পশ্চিমবংগত বিজেপিৰ প্রধান প্রতিদ্বন্দ্বী হৈ পৰিছে তৃণমূল কংগ্ৰেছ।

    দেশৰ ৰাজধানী দিল্লীত আঞ্চলিক দলৰ চৰকাৰ। দেশৰ বাণিজ্যিক ৰাজধানী মহাৰাষ্ট্ৰতো আঞ্চলিক দলৰ চৰকাৰ। বৰ্তমান উত্তৰ প্রদেশ বিধানসভা নিৰ্বাচনৰ প্রচাৰ চলি আছে। উত্তৰ প্রদেশত বিজেপিৰ বাবে কোনো ৰাষ্ট্ৰীয় দলে এই পৰ্যন্ত প্রত্যাহ্লানৰ সৃষ্টি কৰিব পৰা নাই। ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত বিজেপিৰ বাবে মূল প্রত্যাহ্বান হৈ পৰিছে সমাজবাদী দল। সমাজবাদী দল এটা আঞ্চলিক ৰাজনৈতিক দল। উত্তৰ প্ৰদেশৰ জনজীৱনক লৈয়ে এই দলটো পৰিচালিত হৈছে। সেইদৰে বিহাৰতো বিজেপিয়ে নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (সংযুক্ত)ৰ দৰে এটা আঞ্চলিক দলৰ সৈতে মিলি চৰকাৰ কৰিছে।

    এই প্ৰেক্ষাপটত অসমত আঞ্চলিক ৰাজনীতিয়ে পোখা মেলিব নোৱৰাটো দুৰ্ভাগ্যজনক। ২০১৬ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত অগপই ১৪খন আসনত জয়লাভ কৰিছিল। ২০২১ত অগপই ইয়াৰে পাঁচখন আসন হেৰুৱাই নখনতহে জয়লাভ কৰিবলৈ সক্ষম হ’ল। আগস্তক দিনবোৰত অগপৰ আসনৰ সংখ্যা আৰু হ্ৰাস পোৱাটো নিশ্চিত। দলটোৰ ভেটি বিজেপিয়ে গ্ৰাস কৰি আনিছে। অতুল বৰা, কেশৱ মহন্ত আদিকে ধৰি কেইজনমানে বিজেপিৰ সহযোগত হয়তো আগন্তক এটা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ’ব। কিন্তু ইয়াৰ পাছত আৰু অসমত অগপ টিকি থকাটো বৰ সহজ হৈ থকা নাই। অগপ নেতাসকলে নিজকে আঞ্চলিকতাবাদী, জাতীয়তাবাদী হিচাপে এটা পৰিচয় দাঙি ধৰিব বিচাৰে। আঞ্চলিক দল বুলিলে কেৱল অগপই বুলি এটা ধাৰণাও দিয়া হয়। আচলতে সেয়া জানো সত্য? ইতিমধ্যে ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু কোৱা হৈছে যে অগপই আঞ্চলিক দলৰ চৰিত্ৰ সম্পূৰ্ণ হেৰুৱাই পেলাইছে৷ অগপৰ নিজা কোনো চৰিত্ৰই নাই বুলি অভিযোগ আছে। ২০২১ৰ বিধানসভা৷ নিৰ্বাচনৰ আগে আগে অসমত দুটাকৈ আঞ্চলিক দল গঠন হৈছিল। অজাপ আৰু ৰাইজৰ দল নামেৰে পৰিচিত এই দল দুটাৰ সন্মুখত অগপ নহয়, বিজেপিহে প্রধান বাধা হিচাপে দেখা দিছে। ৰাইজৰ দলে এখন আসন লাভ কৰিছে যদিও ভৱিষ্যতে এই দলটোৱে কিমানদূৰ নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিব, সেয়া কোৱা টান৷ দলটোৰ সাংগঠনিক ভেটি বুলিবলৈ বৰ বিশেষ একো নাই।



    অসমত আঞ্চলিক দলৰ বাবে এতিয়াও যথেষ্ট সুযোগ আৰু সম্ভাৱনা নথকা নহয়। ইয়াৰ বাবে প্রয়োজনীয় পুঁজি আৰু সাংগঠনিক দক্ষতা থকা নেতাৰ অভাৱৰ সুযোগ লৈছে বিজেপিয়ে। পুঁজিৰ ক্ষেত্ৰত বিজেপিৰ সৈতে ফেৰ মৰাটো কোনো ৰাজনৈতিক দলৰ বাবে সম্ভৱ নহয়। ৰাইজৰ দল আৰু অজাপই বিজেপি আৰু অগপৰ ভেটি খহাবলৈ হ’লে তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰাৰ লগতে সমাজত ভাল ভাবমূৰ্তি থকা যুৱ-প্রজন্মৰ প্রতিনিধিক দললৈ আনিব লাগিব। অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে এইক্ষেত্ৰত কিদৰে আগবাঢ়িব, তাৰ ওপৰত ৰাইজৰ দল আৰু অজাপৰ ভৱিষ্যৎ নিৰ্ভৰশীল। বিজেপিয়ে অতি কৌশলেৰে অগপৰ ভেটি খহাই আহিছে। এটা সময়ত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰা হ’ব, যি পৰিস্থিতিত অগপৰ নেতাসকলে বিজেপিত যোগ দিয়াৰ বিকল্প নাথাকিব। আগন্তক নিৰ্বাচনত অগপৰ নিৰ্বাচিত বিধায়কৰ সংখ্যা চাৰি-পাঁচজনলৈ অৱনমিত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। এই কথাবোৰ ৰাইজৰ দল, অজাপই অনুভৱ কৰি জনতাৰ মাজত বিশ্বাসযোগ্যতা বঢ়াবলৈ কিদৰে আগবাঢ়িব, তাৰ ওপৰত ভৱিষ্যৎ নিৰ্ভৰ কৰিছে।