Spiritual
Horoscope reading for Today …
Digital Desk: Aries (March 21-April 19): Today is for socializing and fun! Enjoy sports, activities with kids, and
ডিজিটেল ডেস্ক: ইতিহাস চালে দেখা যায় জাতীয় অস্তিত্বৰ প্ৰশ্নত অসমৰ ছাত্ৰসমাজেই আগভাগ লৈ আহিছে৷ মাতৃভূমিৰ ভালপোৱাৰ আকূতিৰে প্ৰজন্মৰ পাছত প্ৰজন্ম উজ্জীৱিত হৈছে অসমপ্ৰেমেৰে৷ কলিকতাত পঢ়িব গৈয়ো তাৰ পৰাই অসমীয়া ভাষাৰ বাবে চিন্তা কৰিছিল লক্ষ্মী-চন্দ্ৰ-হেমে৷ পৃথিৱীৰ য’তেই নাথাকিলেও অসমীয়া ছাত্ৰই বুকুত কঢ়িয়াই লৈ ফুৰে অসমখন৷ জাতীয় জীৱনৰ সংকটকালত অসমৰ ৰাইজক বাট দেখুৱাই আহিছে অসমৰ ছাত্ৰসমাজে৷ একপ্ৰকাৰ ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ পৰাই হৈছিল ঐতিহাসিক অসম আন্দোলনৰ আৰম্ভণি৷ চল্লিশ বছৰৰ পাছত ‘কটন বিশ্ববিদ্যালয়’ৰ পৰা হৈছিল ‘কা আন্দোলন’ৰো আৰম্ভণি৷ কটনিয়ানে লিখিছিল মহাসংগ্ৰামৰ নিলিখা অধ্যায়৷
কটনৰ ছাত্ৰসমাজে জ্বলাইছিল সেই বিদ্ৰোহৰ অগণিত অগনি৷ নিভাঁজ আছিল তেওঁলোকৰ দেশপ্ৰেম! উদ্দেশ্য আছিল স্পষ্ট৷ ‘কা বাতিল…’৷ অলৰ-অচৰ-অটল আছিল ছাত্ৰসমাজৰ স্থিতি আৰু বক্তব্য৷ সেই অনুযায়ী আগবাঢ়িছিল তেওঁলোকৰ কাৰ্যসূচী৷ প্ৰস্তুত হৈছিল ৰণকৌশল৷ সাজু হৈছিল জাতিৰক্ষাৰ যুঁজলৈ৷
কেনেকৈ কটনে পাতনি মেলিছিল কা আন্দোলনৰ, কেনেকৈ সংগঠিত হৈছিল তেওঁলোক, কি পৰ্যায়লৈ আগুৱাই নিছিল সংগ্ৰাম, এতিয়াৰ কি স্থিতি তেওঁলোকৰ? এনে বহু প্ৰশ্ন লৈ আমি বাৰ্তালাপ কৰিছিলোঁ কটন বিশ্ববিদ্যালয়ত ‘কা আন্দোলন’ৰ গুৰিধৰোঁতা একাংশ প্ৰাক্তন ছাত্ৰৰ সৈতে৷ তেওঁলোকৰে হোৱা বাৰ্তালাপেৰে আজিৰ এই বিশেষ অৱলোকন-
৩০ নৱেম্বৰ, ২০১৯ৰ সন্ধিয়া৷ নাগৰিকত্ব (সংশোধনী) বিধেয়ক- ২০১৬ বাতিলৰ দাবীৰে কটন ছাত্ৰসমাজৰ উদ্যোগত কটন কলেজৰ সন্মুখৰ পৰা উলিওৱা হ’ল এক জোঁৰ সমদল৷ আৰু সেয়াই আছিল আৰম্ভণি৷ আৱেগ উদ্বেলিত হ’ল গুৱাহাটীৰ ছাত্ৰ সমাজৰ৷ জাতি সংকটত, চৰকাৰে বিদেশীক অসমৰ মাটিত সংস্থাপন দি ভৰাব খুজিছে অসম৷ ছাত্ৰসকলে কেনেকৈ মানি লয় অথবা ৰাইজেই! বিদ্ৰোহী হৈ উঠিল কটনৰ ছাত্ৰৰ প্ৰতিবাদী সত্তা৷ ৰণকৌশল প্ৰস্তুত কৰা হ’ল৷ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনেৰে কটনৰ ছাত্ৰই সংকল্প ল’লে কা বাতিলৰ৷ বজ্ৰকঠোৰ সংকল্প৷
কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কটন ছাত্ৰসমাজৰ কেব বিৰোধী আন্দোলনৰ অন্যতম গুৰিধৰোঁতা প্ৰাঞ্জল কলিতাই জনোৱা মতে, ৬ নৱেম্বৰত কটন বাকৰিত আহ্বান কৰা হৈছিল ‘ৰণহুংকাৰ’ শীৰ্ষক এক কাৰ্যসূচী৷ আমন্ত্ৰণ কৰা হৈছিল অসমৰ সমূহ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাক৷ লৱৰি আহিছিল ড° হীৰেন গোহাঁই৷ আহিছিল লেখক, বুদ্ধিজীৱী, শিল্পী৷ ছাত্ৰগণে কিবা এটা ক’ব খুজিছে৷ শুনিবলৈ ঢপলিয়াই আহিছিল জাতিপ্ৰেমী প্ৰতিজন অসমীয়া৷ প্ৰতিবাদে আৰু গতি ল’লে৷ ৮ ডিচেম্বৰৰ পৰা কটন কলেজৰ সন্মুখত ছাত্ৰসমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হ’ল৷ ছাত্ৰৰ এই ধৰ্মঘটত অংশগ্ৰহণ কৰিলে গুৱাহাটীৰ নাগৰিক, লেখক-কবি, শিল্পী আটায়ে৷
ঘোষণা হ’ল কেব বাতিলৰ দাবীৰে আছুৰ অসম বন্ধ৷ দহ ডিচেম্বৰত অসম বন্ধৰ কাৰ্যসূচী ল'লে সদৌ অসম ছাত্ৰ সন্থাই৷ সমৰ্থন জনালে ছাত্ৰসমাজে৷ দিনত বন্ধ পালন কৰি নিশালৈ প্ৰস্তুত হ’ল পৰৱৰ্তী ৰণকৌশল৷ ইতিমধ্যে ছাত্ৰবিদ্ৰোহৰ জুয়ে দহিবলৈ আৰম্ভ কৰিছে অসমবাসীক৷ সিদিনাই লোকসভাত কেব গৃহীত হ’ল৷ ৰাতিটো ক্ষোভ আৰু বিদ্ৰোহত উজাগৰে কটালে প্ৰতিজন স্বাভিমানী অসমীয়াই৷ ৰাতিয়েই অসমজুৰি সকলো ওলাই আহিল ৰাজপথলৈ৷ বিদ্ৰোহৰ ৰাতিটো পুৱাল৷ ১১ ডিচেম্বৰৰ পুৱা দহ বজাতেই কটনৰ পৰা জনতা ভৱনলৈ ওলাল ছাত্ৰসমাজ৷ কটনৰ পাছে পাছে যোগ দিলে গুৱাহাটী বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আৰ্য্য মহাবিদ্যালয়, ডিমৰীয়া কলেজ, এছ বি দেওৰা কলেজ, জেবি ল কলেজ, দিছপুৰ ল কলেজ, দিছপুৰ কলেজ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি গুৱাহাটীৰ প্ৰতিখন কলেজৰ ছাত্ৰসমাজ৷ দহ ডিচেম্বৰৰ ওৰে নিশা প্ৰতিবাদ চলিছিল গুৱাহাটী বিশ্ববিদ্যালয়তো৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰই তেজেৰে লিখিছিল কেব নামানো বুলি৷ জনতা ভৱন অভিমুখে আগবাঢ়িল প্ৰতিবাদী সমদল৷ বুকুত অদম্য সাহস লৈ মৃত্যুকো ভয় নকৰি ছাত্ৰসমাজে ৰজাঘৰীয়াক কেব নামানে বুলি বুজাই দিবলৈ গৈছিল৷
সমদল গৈ দিছপুৰ নাপালেই৷ জঁপিয়াই পৰিল আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান৷ কন্দুৱা গেছ, লাঠীচালনা, আৰক্ষীৰ শূন্যলৈ গুলী সকলো চলিল৷ পুৰুষ আৰক্ষীয়ে হাত দিলে ছাত্ৰীৰ ওপৰত৷ অসমৰ ইতিহাসত কাহানিও নোহোৱা-নোপজা এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ল গুৱাহাটীৰ ৰাজপথত৷ ৰাজপথতে গামোচা পাৰি বহি পৰিল ছাত্ৰসমাজ৷ ওলাই আহিল মহানগৰবাসী৷ বেৰিকেড দিয়া হ’ল ছাত্ৰশক্তিক ভেটিবলৈ৷ বেৰিকেড ভাঙি আগুৱালে প্ৰতিবাদী ছাত্ৰকণ্ঠ৷ গ্ৰেপ্তাৰ কৰা হ’ল ছাত্ৰক৷ নেতৃত্ব লোৱাসকলৰ অন্যতম কটনিয়ান হীৰকজ্যোতি বৰা আৰু প্ৰাঞ্জল কলিতাক আটক কৰিলে আৰক্ষীয়ে৷ প্ৰতিবাদী সমদলটোক তচনচ কৰিলে আৰক্ষীয়ে৷ সন্ধিয়ালৈ আৰু উত্তপ্ত হ’ল পৰিস্থিতি৷ পৰিস্থিতিৰ নিয়ন্ত্ৰণ ছাত্ৰসমাজৰ হাতৰ পৰা গুচি গ’ল৷ জ্বলি উঠিল বাছ, অগ্নিসংযোগ কৰা হ’ল বাহনত৷ কলাক্ষেত্ৰত ক্ষতি কৰা হ’ল৷ হিংসাত্মক হৈ পৰিল শান্তিপূৰ্ণ সমদল এটা৷
হীৰকজ্যোতি বৰাই আমাৰ সৈতে হোৱা এক আলাপত ১১ ডিচেম্বৰৰ সেই হিংসাত্মক পৰিস্থিতি অনাকাংক্ষিত আৰু ষড়যন্ত্ৰমূলক আছিল বুলি মন্তব্য কৰিছে৷ তেওঁৰ পৰা জানিব পৰা মতে তেওঁলোকে আগবঢ়াই নিয়া সমদলটোৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে তেওঁলোকে ব্যক্তিগতভাৱে চিনি পায়৷ কটন বিশ্ববিদ্যালয়ৰ পৰা উন্মেষ ঘটা সেই ছাত্ৰবিদ্ৰোহৰ গুৰি ধৰিছিল হীৰকজ্যোতি বৰা, প্ৰাঞ্জল কলিতা, জিণ্টু ঠাকুৰীয়া, মুকুন্দ শইকীয়া, দীপজ্যোতি দাসকে প্ৰমুখ্য কৰি একাংশ কটনিয়ানে৷ দিছপুৰমুখী সমদলটো এপোল’ হাস্পতাল পাওঁতেই আৰক্ষীয়ে হীৰকজ্যোতি বৰা আৰু প্ৰাঞ্জল কলিতাক আটক কৰি লৈ যায়৷ হীৰকজ্যোতি বৰাই জনোৱা মতে, যদি তেওঁলোকক আটক কৰি লৈ নগ’লহেঁতেন, তেন্তে সেই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন৷
১১ ডিচেম্বৰৰ দিনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত সন্ধিয়াৰ পৰা সান্ধ্যআইন বলবৎ কৰা হৈছিল৷ সেই সান্ধ্যআইনতে ৰাজপথলৈ ওলাইছিল দীপাঞ্জল দাস৷ বুলেটে বুকু ভেদিছিল দীপাঞ্জলৰ৷ শ্বহীদ হৈছিল দীপাঞ্জল দাস৷ বিদ্ৰোহৰ স্ফূলিংগই আকাশ ছানি ধৰিছিল৷ সেনাৰ ফ্লেগমাৰ্চ আৰম্ভ হ’ল৷ জুবিন গাৰ্গ আৰু আছুৱে পাছদিনা লতাশিললৈ আমন্ত্ৰণ জনালে অসমবাসীক৷ বন্ধ হৈ পৰিল বাছ, ৰে’লৰ চলাচল৷ সান্ধ্যআইন ওফৰাই লতাশিলত সমবেত হ’ল সহস্ৰাধিক অসমীয়া৷ ১১ ডিচেম্বৰৰ নিশা কৰ্তন হ’ল ইণ্টাৰনেট৷ সান্ধ্যআইনৰ সময়তে ১২ ডিচেম্বৰৰ দিনটোত লতাশিললৈ আহি থাকোঁতে গুলীবিদ্ধ হয় ছেম ষ্টেফ’ৰ্ড৷ পৰিস্থিতি উত্তপ্ত হৈয়েই থাকিল৷ ১১ ডিচেম্বৰৰ মাজনিশা ১-৩০ বজাতহে মুকলি কৰি দিয়া হ’ল হীৰক-প্ৰাঞ্জলক৷ তেতিয়ালৈ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি৷ আৱাসৰ পৰা ওলাব নোৱৰা কৰি দিয়া হ’ল ছাত্ৰক৷ আবদ্ধ হৈ পৰিল ছাত্ৰকণ্ঠ৷
তথাকথিত নেতাৰ নেতৃত্বৰ বিপৰীতে ছাত্ৰসমাজৰ উদ্যোগত গঢ় লোৱা কেববিৰোধী আন্দোলনটোক হঠাতে নেতৃ্ত্ব দিবলৈ আগবাঢ়িছিল ৰাজ্যৰ এটা ছাত্ৰ সংগঠন৷ হীৰকজ্যোতি বৰাই ক্ষোভ আৰু হতাশাৰে কটন ছাত্ৰসমাজে আৰম্ভ কৰা আন্দোলনটোক কক্ষচ্যুত কৰা হ’ল বুলি আক্ষেপ প্ৰকাশ কৰে৷ আন্দোলনৰ ধৰণ-কৰণ, সময় নিৰ্ধাৰণ কৰি গণআন্দোলন এটাক নিয়মমাফিক আন্দোলনলৈ ঠেলি দিয়া বুলি কয় হীৰকজ্যোতি বৰাই৷ আনকি, কটন ছাত্ৰসমাজে আৰম্ভ কৰা আন্দোলনৰ সময়ত একাংশ ঐতিহ্যবাহী ছাত্ৰ সংগঠনে কটন ছাত্ৰসমাজে আন্দোলনটো আৰম্ভ বাবে সুখী হোৱা নাছিল মন্তব্য কৰে৷ বৰাৰ মতে, যিয়েই আৰম্ভ নকৰিলেও মূল উদ্দেশ্য যিহেতু একেটাই, সেয়ে তাত কোনেও তাক প্ৰতিযোগিতা হিচাপত ভাবি ল’ব নালাগে৷ লগতে, ছাত্ৰ সংগঠন আৰু অন্য সংগঠনৰ আন্দোলন ভাগ-ভাগ হৈ থকাৰ বিপৰীতে কটন ছাত্ৰসমাজৰ উদ্যোগত অসমৰ ছাত্ৰসমাজে একত্ৰে কেব বিৰোধী আন্দোলনটো আগবঢ়াই নিছিল বুলি মন্তব্য কৰে৷
১৫ ডিচেম্বৰত কটন ছাত্ৰসমাজে অসমৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসমাজক এখন সামূহিক মঞ্চ দিয়াৰ মানসেৰে গঠনৰ প্ৰয়াস কৰিছিল ‘অসম ছাত্ৰ মঞ্চ’ নামৰ এখন ছাত্ৰমঞ্চৰ৷ সেই সময়তে একাংশ ছাত্ৰসংগঠনে অসম ছাত্ৰ মঞ্চক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কয় অসম ছাত্ৰ মঞ্চ গঠনৰ দিশত হেঙাৰ হৈছিল বুলি বৰাই জানিবলৈ দিয়ে৷ হীৰকজ্যোতি বৰাই লগতে কয় যে, একাংশ ছাত্ৰ সংগঠনে ছেম ষ্টেফ’ৰ্ডৰ মৃত্যুৰ তদন্ত বিচাৰি গোচৰ তৰা হ’ব বুলি মৌখিকভাৱে কৈ আছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া হৈ উঠা নাছিল৷ যাৰ বাবে বৰাই নিজে ছেম ষ্টেফ’ৰ্ডৰ ন্যায় বিচাৰি প্ৰথমটো খোজ দিয়ে৷ ১৯ ডিচেম্বৰত হীৰকজ্যোতি বৰাই অসম মানৱ অধিকাৰ আয়োগত প্ৰথমটো গোচৰ ৰুজু কৰে৷ তাৰ পৰৱৰ্তী সময়ত কটনৰ বাকৰিৰ পৰা আৰম্ভ হোৱা ‘কা’বিৰোধী আন্দোলনৰ উত্তাপ ক্ৰমশঃ কমি আহিবলৈ ধৰিলে৷
পুনৰ ছাত্ৰসমাজৰ পৰাই ‘কা আন্দোলন’ৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা কিমান বুলি সোধা এক প্ৰশ্নৰ উত্তৰত হীৰকজ্যোতি বৰাই ১০০% সম্ভাৱনা থকা বুলি জানিবলৈ দিয়ে৷ যদি অসমবাসীয়ে সহযোগ কৰে, তেন্তে পুনৰ ছাত্ৰ সমাজেই ‘কা আন্দোলন’ৰ সূচনা কৰিবলৈ প্ৰস্তুত হৈ আছে৷ ন্যায়ালয়ৰ বিচাৰলৈ বাট চাব নে কা বাতিলৰ জোৰদাৰ দাবীৰে আন্দোলন চলিব বুলি সোধাত বৰাই ন্যায়ালয়লৈ বাট চৰকাৰেই চোৱা নাই, তেনেস্থলত ছাত্ৰসমাজে ন্যায়ালয়ৰ ৰায়লৈ কি বাট চাব বুলি মতপোষণ কৰে৷ এতেকে, ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা কৰি অসমত যিকোনো মুহূৰ্ততে ছাত্ৰ বিদ্ৰোহৰ আন এক অগ্নিশিখা জ্বলি উঠিব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ লগতে, ছেম ষ্টেফৰ্ডসহ শ্বহীদৰ ন্যায়ৰ বাবে তেওঁ অহৰহ যুঁজ চলাই যাব বুলি কয়৷
একেদৰে, প্ৰাঞ্জল কলিতাই এতিয়া পুনৰ ছাত্ৰ সমাজেই আন্দোলনৰ সূচনা কৰাৰ সম্ভাৱনা ক্ষীণ বুলি কয়৷ তেওঁৰ মতে, সেইসময়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই এতিয়া ছাত্ৰ হৈ থকা নাই৷ আকৌ, পৰিস্থিতিসাপেক্ষে এতিয়াৰ ছাত্ৰসকলৰো একেই আৱেগ নাথাকিবও পাৰে বুলি প্ৰাঞ্জল কলিতাই কয়৷ যদি পূৰ্বৰ দৰে ভুল নকৰি অসমৰ দল-সংগঠনে একত্ৰে ‘কা আন্দোলন’ আৰম্ভ কৰে, তেন্তে তাত নিশ্চিতভাৱেই তেওঁলোকে সহযোগিতা আগবঢ়াব৷
Leave A Comment