• মুখতহে কেৱল এক দেশ, এক জাতিৰ কথা: পশ্চিমবংগৰ বিজেপিৰ বাবে বিহাৰীসকল বহিৰাগত

    ৰাজনৈতিক
    মুখতহে কেৱল এক দেশ, এক জাতিৰ কথা: পশ্চিমবংগৰ বিজেপিৰ বাবে বিহাৰীসকল বহিৰাগত
    ডিজিটেল ডেস্ক: যিসময়ত ভাৰতীয় জনতা পাৰ্টী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আঁচনি আৰু ব্যৱহাৰিক ক্ষেত্ৰত ৰাষ্ট্ৰ আৰু নীতিৰ ঐককেন্দ্ৰিক কাৰ্যসূচী হাতত লৈছে, সেইসময়তে দেখা গৈছে একেখন দেশৰ ভিতৰত এখন ৰাজ্যত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত এজন ভাৰতীয় নাগৰিক হৈ পৰিছে বহিৰাগত৷ কাৰ্যতঃ প্ৰধানমন্ত্ৰীৰ এক ৰাষ্ট্ৰ-এক নীতিক যেন ভুল প্ৰতিপন্ন কৰিলে পশ্চিমবংগৰ বিজেপিয়ে৷

    ভাৰতৰ সাংবিধানিক বিধিব্যৱস্থা অনুসৰি, দেশৰ ভিতৰত যিকোনো ভাৰতীয় নাগৰিকে যিকোনো ৰাজ্যত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে৷ অথচ, সংবিধানপ্ৰদত্ত সেই অধিকাৰক নস্যাৎ কৰি পশ্চিমবংগৰ নিৰ্বাচনী প্ৰেক্ষাপটত চৰ্চা লাভ কৰিছে ‘বিহাৰীবাবু’ৰ প্ৰসংগই৷ নিৰ্বাচনী ইচ্ছ্যু কৰিব পৰা হৈছে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ গৃহভূমিৰ প্ৰসংগ৷

    অহা ১২ এপ্ৰিলত পশ্চিমবংগৰ আছানচোলত লোকসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ পূৰ্বে এইটো সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিজেপিৰ বাবুল সুপ্ৰিয়৷ লোকসভাৰ উপ-নিৰ্বাচনত এইবেলি সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি প্ৰাৰ্থী অগ্নিমিত্ৰা পালে৷ আনহাতে, সমষ্টিটোত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব এসময়ত বলীউডত আলোড়ণৰ সৃষ্টি কৰা জনপ্ৰিয় অভিনেতা শত্ৰুঘ্ন সিনহা৷ জন্মসূত্ৰে শত্ৰুঘ্ন সিনহা বিহাৰৰ বাসিন্দা যদিও পশ্চিমবংগৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা বিষয়টোক সহজভাৱে ল’ব পৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে৷

    ইতিমধ্যে, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী অগ্নিমিত্ৰা পালে শত্ৰুঘ্ন সিনহাক বহিৰাগত বুলি আখ্যায়িত কৰিছে৷ ‘বিহাৰীবাবু’ বুলি পৰিচিত সিনহাৰ বিষয়ে মন্তব্য কৰি পালে কয়, আছানচোলবাসীয়ে কেতিয়াও বহিৰাগত ‘বিহাৰীবাবু’ক ভোট নিদিয়ে৷ ইপিনে, বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি লগতে কয়, আছানচোলৰ পৰা দুবাৰকৈ আমাৰ সাংসদ নিৰ্বাচিত হৈছে৷ এইবাৰো বিহাৰীবাবুক মিঠাই, পানী খুৱাই আছানচোলবাসীয়ে বিদায় দিব৷ কিয়নো, আছানচোলবাসীয়ে অগ্নিমিত্ৰা পালক বিচাৰে৷ সংবাদ মাধ্যমৰ সন্মুখত অগ্নিমিত্ৰা পালে নিজকে আছানচোলৰ কন্যা আৰু ঘৰৰ জীয়ৰী বুলি উল্লেখ কৰে৷

    এনদৰে এতিয়া শত্ৰুঘ্ন সিনহাক পশ্চিমবংগ বিজেপিৰ তৰফৰ পৰা ‘বহিৰাগত’ বুলি অভিহিত কৰা হৈছে৷ যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পৰা গৈ উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰধানমন্ত্ৰী হৈছে, যিসময়ত বিজেপিৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে ওপজাভূমি এৰি আমেথীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, সেই সময়তে বিহাৰৰ শত্ৰুঘ্ন সিনহা পশ্চিমবংগত বিজেপিৰ বাবে হৈ পৰিল বহিৰাগত৷ ইয়াৰ জৰিয়তে পশ্চিমবংগ বিজেপিয়ে বঙালী আৰু বিহাৰীৰ মাজত মনোমালিন্য সৃষ্টি কৰোৱাৰ অভিসন্ধি ৰচাৰ অভিযোগ উত্থাপিত হৈছে৷

    এতিয়া দেশৰ ভিতৰতে আন এখন ৰাজ্যৰ নাগৰিক অন্য এখন ৰাজ্যত হৈ পৰিছে বহিৰাগত৷ এনেকৈয়ে চলিছে এতিয়া দেশৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ আৰু, এনে ৰাজনৈতিক কাৰচাজিৰ মাজত যে সমসাময়িক ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা মূল্যবোধ, সততা আৰু গুণগত ৰাজনীতি হেৰাই যাব‌, সেয়া নিশ্চিত৷